ধেমাজিত ২২,৩৮৫ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ... 
ধেমাজি

ধেমাজিত ২২,৩৮৫ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অন্ন সুৰক্ষা আচঁনিৰ অধিনত মঙ্গলবাৰে ধেমাজি কাছাৰী ময়দানত ধেমাজি আৰু চিচিবৰগাঁও দুই সমষ্টিৰ অন্তৰ্গত সৰ্ব্বমুঠ ২২,৩৮৫ গৰাকী নতুন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। বক্তব্যত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছী চৰকাৰখনৰ কেতবোৰ কামকাজক সমালোচনা কৰি কয় যে, দুখীয়া জনসাধাৰণৰ বাবে বাৰ্ষিক আয়ৰ ক্ষেত্ৰত ৰঙাফিটাৰ মেৰপাক লগাই থৈ যোৱা বাবেই ৰাজ্যখনৰ হাজাৰ হাজাৰ দুখীয়া মানুহে অন্ন সুৰক্ষা আচঁনিৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব লগা হৈছিল ৷

পৰবৰ্তী সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লৈয়েই এই বিসংগতি দূৰ কৰি ৰাজ্যৰ দুখীয়া লোকে যাতে আচঁনিৰ পৰা কোনো কাৰনতেই বঞ্চিত নহয় সেই লক্ষ্যৰে ৰেচন কাৰ্ড প্ৰাপ্তসকলৰ বাৰ্ষিক আয় চাৰি লাখ টকালৈ বৃদ্ধি বুলি অবগত কৰে ৷ চৰকাৰে ৰাইজৰ বাবে অন্ন সুৰক্ষাৰ আচঁনিৰ কাৰ্ডখন সকলোকে সামৰি লোৱা এখন কাৰ্ড বুলি উল্লেখ কৰি এই কাৰ্ডৰ জৰিয়তে অকল অন্ন সুৰক্ষাইয়ে নহয়,উজ্বলা গেছ,আয়ুষ্মান ভাৰত,স্বাস্থ্য বীমা,অৰুণোদয়,পেঞ্চন ইত্যাদি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰিলোৱা এক ডিজিটেল কাৰ্ড বুলিও অবগত কৰে ৷

ইফালে মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আচঁনিৰ সফলতা কথা উল্লেখ কৰি এই অন্ন সুৰক্ষা আচঁনি ৰেচন কাৰ্ড প্ৰাপক লোকসকলে প্ৰতি মাহৰ ১ পৰা ১০ তাৰিখৰ ভিতৰত চাউল লাভ কৰিব বুলি কয় ৷ মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভৰ পূৰ্বে সভাখনিৰ আদৰণি ভাষন দিয়ে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে৷

আয়ুক্তগৰাকীয়ে আদৰণিৰ লগতে কয় যে, পূৰ্বতে জিলাখনত ৪৫৭,৮৫৮ হিতাধিকাৰীৰ বিপৰীতে ১৩৭,৪০৩ ৰেচন কাৰ্ডৰ সৈতে আজি নতুনকৈ সংযোগ কৰা ৩৫,৬৯৪ কাৰ্ডৰ লগত সৰ্ব্বমুঠ জিলাখনত কাৰ্ডৰ সংখ্যা হ'ল গৈ ১৭৩,০৯৭ খন ৷ এই কাৰ্ডৰ বিপৰীতে জিলাখনত সৰ্ব্বমুঠ হিতাধিকাৰী সংখ্যা হ'ল গৈ ৫৬৯ ,৯৮৪ গৰাকী ৷

সভাত জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, ধেমাজি পৌৰপতি দীপৰেখা দাস ব্ৰাঘী , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, অনুসূচিত জনজাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ লক্ষীধৰ শেনচোৱা,মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুণীল পেগু উপস্থিত থাকে ৷