ধেমাজি

ধেমাজিত ব্যৱসায়ীসহ ড্ৰাগছ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত এগৰাকী ব্যৱসায়ী পৰা ৩৩.৮৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে ৷

ধেমাজি অতিৰিক্ত আৰক্ষী অধীক্ষক জিকি ৰাণী মহন্তৰ নেতৃত্বত ধেমাজি সদৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি পেগু বজাৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা হেৰোইনসহ জুৱেল হাজৰিকা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকজনক বৰ্তমান ধেমাজি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷