ধেমাজি

"তিনি গগৈ" বুলি কথা নাই, সমগ্ৰ অসমবাসী বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে"

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজিৰ জিলাৰ চিলাপথাৰ নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে বিয়লি চিলাপথাৰ আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কৰ্ম-কৰ্তাসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি ফেচিষ্ট চৰকাৰখনে অসমৰ জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোমা নিক্ষেপ কৰিছে মন্তব্য প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

বজাৰত জুই লাগিছে AC ৰুমত সোমাই ৰাইজক তুচ্ছ তাচ্ছিল্য কৰা অকৰ্মণ্য যোগানমন্ত্ৰীয়ে শীঘ্ৰে পদত্যাগ কৰক, বিজেপি চৰকাৰক যিকোনো মূল্যৰ বিনিময়ত উৎখাত কৰক আদি শ্লগানেৰে উত্তপ্ত কৰি তুলে প্ৰতিবাদস্থলী। "তিনি গগৈ" বুলি কথা নাই সমগ্ৰ অসমতে জনসাধাৰণ বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে বুলি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ নেতা ৰুদ্ৰ ভূঞাই।