ধেমাজি

পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি ৰাজহচক্ৰৰ অন্তৰ্গত আহোম ৰজাৰ কীৰ্তিচিহ্ন স্থান ঘূগুহা দলৰ সমীপৱৰ্তী পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে সোমবাৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক নীলাম্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ১৯৬৫ চনতে স্থাপিত হোৱা বৃহত পশ্চিম ধেমাজি অঞ্চলটোৰ গৌৰৱোজ্জল সোণালী গৰকা বিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাগ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷

সভাই বিদ্যালয়খনৰ উন্নয়নৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক নীলাম্বৰ গগৈক সভাপতি , লোহিত বৰুৱাক সাধাৰণ সম্পাদক, ক্ষীৰেন্দ্ৰ নাথ গগৈ আৰু দুৰ্গেশ্বৰ গগৈক যুটীয়াভাৱে উপ-সভাপতি লগতে ক্ৰমে সহকাৰী সম্পাদক হিচাপে মৰুত কুমাৰ দত্ত, অৰুণ গগৈ, বিশ্বামিত্ৰ চমুৱা, বিদ্যুৎ বৰপাত্ৰগোঁহাই আৰু নৱজিৎ গগৈকে ধৰি এখনি ২৮ জনীয়া প্ৰস্তুতি গঠন কৰে ৷

সভাই সমাৰোহত এখনি আটক ধুনীয়া স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱা বাবেও সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাই পূণাংগ ৰূপত এখনি শক্তিশালী সমিতি গঠনৰ বাবে অহা ২৫ ফেব্ৰুৱাৰীত ন-পুৰণি ছাত্ৰ -ছাত্ৰী সকলকলৈ পুনৰ এখনি ৰাজহুৱা সভা আহ্বান কৰা হৈছে বুলিও জানিবলৈ দিছে ৷