ধেমাজি

পিতৃয়ে কৰে কেৰালাত দিন-হাজিৰা : পুত্ৰ উত্তীৰ্ণ হ'ল NEET পৰীক্ষাত

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুতো দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে । তেনে এজন দৰিদ্ৰ পৰিয়ালৰ মেধাবী তথা সফল যুৱক চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ধুনাগুৰি কলিতা গাঁৱৰ যুৱক দেৱজিৎ কলিতা ।

গাঁৱখনৰ গোবিন কলিতা আৰু লক্ষীমাই কলিতাৰ পুত্ৰ দেৱজিৎ কলিতাই NEET পৰীক্ষাত মুঠ ৫৪৬ নম্বৰ পাই সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ পিতৃয়ে কেৰেলাত শ্ৰমিক হিচাপে নিয়োজিত হৈ কোনোমতে পৰিয়ালটো পোহপাল দি আহিছে ।

ধেমাজিৰ নৱোদয় বিদ্যালয়ৰ পৰা ২০২১ চনতেই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ অৰ্থৰ অভাৱত ঘৰতেই পঢ়া-শুনা কৰি আছিল দেৱজিতে । ছাত্ৰগৰাকীৰ ভাষ্য অনুসৰি তেঁওৰ লক্ষ্য আছিল নীট পৰীক্ষা ।

কোনো ক'চিং নকৰাকৈ কেৱল ঘৰতেই পঢ়া-শুনা কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় দেৱজিৎ । দেৱজিতৰ এই সফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁৱবাসী ।

ইতিমধ্যে চিচিবৰগাঁৱৰ সফল ব্যৱসায়ী নন্দীগিৰী ভূঞাই দেৱজিতৰ ঘৰত উপস্থিত হৈ দৰিদ্ৰ যুৱকজনৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । নন্দীগিৰী ভূঞাৰ এই মহানুভৱতাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে দেৱজিতৰ পৰিয়াল তথা স্থানীয় ৰাইজে ।