ধেমাজি

আৰ্তজনক খাদ্যৰ টোপোলা প্ৰদান ধেমাজি লায়ন্স ক্লাবৰ

দুটা আৰ্থিকভাৱে পিছ পৰা পৰিয়াললৈ এসপ্তাহৰ বাবে খাদ্য-সামগ্ৰী যোগান

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি লায়ন্স ক্লাব প্ৰতিষ্ঠা দিনৰ পৰাই বিভিন্ন সামাজিক কাম-কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। উল্লেখ্য যে বিভিন্ন জনকল্যাণমূলক সেৱা আগবঢ়াই আৰ্তজনলৈ এমুঠি খাদ্য যোগান ধৰি আহিছে ৷

ফিড দ্য হাংগাৰ প্ৰজেক্ট ( Feed The Hunger Project )ৰ অধীনত লায়ন্স ক্লাবৰ দুজন সদস্যই মিলি সম্পূৰ্ণ নিজা খৰচত প্ৰতিমাহে দুবাৰকৈ দুটা আৰ্থিকভাৱে পিছ পৰা পৰিয়াললৈ এসপ্তাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী যোগান ধৰি এক মহৎ কাৰ্য সম্পাদন কৰি আহিছে ৷

বিগত দিনবোৰত দিয়াৰ দৰে দেওবাৰেও লায়ন্স ক্লাবৰ প্ৰভাত দেউৰী, দিলীপ কুমাৰ বৰুৱা, মানস প্ৰতীম ভৰালী আৰু ড° জয়ন্ত দত্তই খাদ্যসামগ্ৰীৰ টোপোলা ধেমাজি চাৰিআলি আৰু মৰিধল মহাবিদ্যালয়ৰ ২নং কেম্পাচৰ সৈতে দুঠাইত যোগান ধৰে ৷

দেওবাৰৰ অনুষ্ঠানটোত লায়ন্স ক্লাবৰ সভাপতি লায়ন নেমিচন কাব্ৰা, সম্পাদক লায়ন্স ড° জয়ন্ত দত্ত , লায়ন দীপক কলিতা, লায়ন পংকজ আগৰৱালাকে ধৰি আন বহুকেইগৰাকী সদস্য আৰু বিষয়ববীয়াই উপস্থিত থাকে।