ছাত্ৰ নেতা কল্যাণ গগৈলৈ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা... 
ধেমাজি

ছাত্ৰ নেতা কল্যাণ গগৈলৈ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সদ্য বিদায়ী উপদেষ্টা কল্যাণ গগৈক দেওবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক বিশেষ বিদায় সম্বৰ্ধনা অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিদায় সম্বধৰ্না জনোৱা হয় ।এই উপলক্ষে দেওবাৰে দুপৰীয়া ১২ বজাত থানা তিনিআলিস্থিত শ্বহীদ বেদিত বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচীৰ পিছতেই ধেমাজি প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা বিদায় সভাৰ সঞ্চালনা কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ।

জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আতঁধৰা বিদায় সম্বধৰ্না সভাৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মণ্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্য্যনিবাহক সদস্য দ্বয় ৰাজীৱ গগৈ, ৰবী কছাৰী, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মাই উপস্থিত থাকি প্ৰাক্তন ছাত্ৰনেতা কল্যাণ গগৈয়ে আপোচবিহীন আৰু নিঃস্বাৰ্থভাৱে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ বাবে সেৱা আগবঢ়োৱা লগতে এক প্ৰত্ব্যাহ্বান পূৰ্ণ সময়ত জিলা ছাত্ৰ সন্থাক শক্তিশালীভাৱে নেতৃত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

সম্বধৰ্না অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফুলাম গামোছা, শৰাই, ছেলেং চাদৰ, মানপত্ৰৰে সম্বৰ্ধনা জনাই ধেমাজি মহকুমা ছাত্ৰ সন্থা, জোনাই মহকুমা ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাৰ অৰ্ন্তগত ধেমাজি,বৰদলনি, গোগামুখ, পশ্চিম ধেমাজি, মাছখোৱা, জীয়াঢল, মৰিঢল, শ্ৰীপ্ৰাণি, চিচিবৰগাওঁ, চিলাপথাৰ, মাদুৰিপথাৰ, চিমেনচাপৰি, ডেকাপাম, জোনাই, বাহিৰ জোনাই আঞ্চলিকে ।

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি আঞ্চলিক সমিতিৰ সভাপতি ৰাজু লাহন আৰু মনজিৎ কোচঁৰ নেতৃত্বত অহা বিষয়-ববীয়া সকলে কল্যান গগৈক সম্বৰ্ধণা জনায়। বিদায়ী অনুষ্ঠানৰ আবেগিক মুহূৰ্তত কল্যাণ গগৈয়ে বক্তব্যত তেওঁৰ সংগ্ৰামী যাত্ৰাত সহযোগিতা আগবঢ়োৱা সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনতো জাতীয়তাবাদী চিন্তা-চেতনাৰে আগবাঢ়ি যাব বুলি উল্লেখ কৰে।

পশ্চিম ধেমাজি অঞ্চলৰ কলাকতা গাওঁত জন্ম গ্ৰহণ কৰা কল্যাণ গগৈয়ে পশ্চিম ধেমাজি আঞ্চলিকৰ জৰিয়তে প্ৰতিনিধিত্ব কৰি ২০১৮ চনত সদৌ ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰন সম্পাদকৰ দায়িত্ত্ব গ্ৰহণ কৰিছিল । তেওঁৰ কাৰ্য্যকালত সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰন সভা, কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সন্মুখৰ পৰাই দায়িত্ব লৈ সফল ৰূপ দিবলৈ সক্ষম হৈছিল ৷

সংগ্ৰামী প্ৰাক্তন ছাত্ৰ নেতাজনৰ কৰ্মক উপস্থিত সকলোৱে একেমুখে প্ৰশংসা কৰি আনুষ্ঠানিকভাৱে বিদায় জনাবলৈ পায় সকলোৱে আবেগিক হৈ পৰে ৷