ধেমাজি

ধেমাজিত সন্মিলিত গণ শক্তি অসমৰ প্ৰতিনিধিমূলক সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ উজনি অসমৰ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তিৰূপে পৰিচিত সন্মিলিত গণশক্তি বিজেপিত বিলীন হ'ব বুলি চৰ্চা চলি থকাৰ সময়তে শনিবাৰে অনুষ্ঠিত হ'ল এক বিশাল প্ৰতিনিধি সভা। সন্মিলিত গণশক্তিৰ চিচিবৰ গাঁও খণ্ড আৰু জোনাই খণ্ড একত্ৰ কৰি শক্তিশালী জোনাই জিলা সমিতি গঠন কৰে। লগতে দলৰ ৰাজনৈতিক আৰু সাংগঠনিক দিশৰ আলোচনাৰ বাবে চিমেন চাপৰি বিহু বাকৰিত অনুষ্ঠিত হয় এই বিশাল সমাৱেশ।

'ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা কেইবাসহস্ৰ প্ৰতিনিধি আৰু সমৰ্থকে অংশগ্ৰহণ কৰে এই বিশাল সভাত। নিৰ্বাচনত প্ৰতিনিধি প্ৰক্ষেপ কৰাটো গণশক্তিৰ মূল লক্ষ্য নহয়। সমস্যা সমাধান কৰাটোহে মূল উদ্দেশ্য। যি দলে ৰাইজৰ সমস্যা সমাধান কৰিব সেই দলকে সমৰ্থন দিব। গণশক্তি দল আদৰ্শৰ পৰা কেতিয়াও বিচলিত হোৱা নাই। সম উন্নয়ন, সম মৰ্যদা আৰু সম অধিকাৰ আদৰ্শত গণশক্তি অটল হৈ আছে।'- এই গুৰুতত্বপূৰ্ণ মন্তব্য সন্মিলিত গণশক্তিৰ নেতা তথা মিছিং পৰিষদৰ মুখ্য কাৰ্য্যবাহী পৰমানন্দ চায়েঙীয়াই।

আশা কৰাতকৈ অধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত উৎফুল্লিত হৈ মিছিং পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাঙে গণশক্তিৰ কোনো লোকে অন্য দলত যোগদান নকৰে। বৰঞ্চ এই সমাবেশত বহু কংগ্ৰেছ আৰু প্ৰাক্তন আছু কৰ্মীয়ে গণশক্তিৰ নীতি আদৰ্শৰ প্ৰতি সঁহাৰি জনাই যোগদান কৰি শক্তিহে বৃদ্ধি কৰিছে বুলি কয়। লক্ষণীয় যে বিগত সময়ত গণশক্তিৰ দুই প্ৰতিষ্ঠাপক নেতা ডাঃ ৰণোজ পেগু আৰু ভূৱন পেগুৰ গণশক্তি ত্যাগৰ পিছৰ পৰাই আঞ্চলিক দলটো বিজেপিত চামিল হ'ব বুলি চৰ্চা চলি আহিছে। পিছে শনিবাৰে গণশক্তি বিজেপিৰ চামিলৰ সম্ভাৱনা একাষাৰে নসাৎ‌ কৰিলে দলৰ শীৰ্ষ নেতাই। বৰঞ্চ মানুহ গোটাই বিশাল সমাৱেশ অনুষ্ঠিত কৰি অক্ষয় শক্তিহে প্ৰদৰ্শন কৰি দেখুৱালে।‌