ধেমাজি

চিলপথাৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ টকাৰ বেগসহ হেৰ'ইন

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলপাথাৰ নগৰত নকল সোণৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। এক গোপন খবৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে চিলাপথাৰৰ পালপট্টী পথৰ ছলমান আলীৰ ঘৰত হঠাৎ অভিযান চলায়।

আৰক্ষীৰ এই অভিযানত আলীৰ ঘৰৰ পৰা এটা টকাৰ বেগ উদ্ধাৰ কৰা হয়। জানিব পৰামতে বেগটোৰ পৰা ৫.৫০ লাখ টকাৰ লগতে ৫.২০ গ্ৰাম হেৰ'ইন আৰক্ষীয়ে উদ্ধাৰ কৰে।

ইফালে আৰক্ষীৰ এই অভিযানত দুখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ সামগ্ৰী উদ্ধাৰ হোৱাৰ অভিযোগত ছাইদুল ইছলাম নামৰ লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চাইদুলৰ ঘৰ লখিমপুৰৰ ২ নং কৰুণাবাৰীত। উদ্ধাৰ হোৱা এখন (পালচাৰ) বাইকৰ নম্বৰ হল AS07 S2859 আৰু আনখন বাইক নম্বৰ বিহীন। ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ তদন্ত চলি আছে। আৰক্ষীয়ে অধিক অনুসন্ধান চলালে চোৰাং কাৰবাৰত জৰিত এক শক্তিশালী চক্ৰ জলত পৰিব বুলি ৰাইজে সদৰি কৰে।