ধেমাজি

ধেমাজিত অবৈধভাৱে ভোটদান,তীব্ৰ উত্তেজনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮০ নং আই.টি.আই. ভোটগ্ৰহণ কেন্দ্ৰত প্ৰকৃত ভোটদাতাৰ বিপৰীতে অবৈধভাৱে আন কোনোবাই ভোটদান কৰি যোৱা কাৰ্য্যই সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে ধেমাজি নগৰৰ ১৮০ নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ বিপৰীতে ভোট দিলে অন্য ব্যক্তিয়ে ।

প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা ধেমাজি ভেহপৰাৰ পদ্ম কোঁৱৰে পুৱাৰে পৰা ১৮০ নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোট দিবলৈ গৈ ৰৈ থাকি নিৰাশ মনে ঘুৰি যাব লগা হ'ল ৷ অভিযোগ মতে ভোটাৰ তালিকাত ক্ৰমিক নং ১৪ ত নাম থকা পদ্ম কোঁৱৰৰ নামত কোনো অজ্ঞাত ব্যক্তিয়ে ভোট সাব্যস্ত কৰে।

আনহাতে একেটা ভোটগ্ৰহণ কেন্দ্ৰতে আন এক ঘটনা সংঘটিত হয়। শুকুৰবাৰৰ দিনটোত গুৱাহাটীত থকা দেৱযানী কোঁৱৰ নামৰ ক্ৰমিক নং ৬৩ত নাম থকা ভোটাৰগৰাকীৰ বিপৰীতে আন কোনোবাই ভোট দি যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷ কেন্দ্ৰটোত থকা পুলিং আৰু প্ৰিজাইডিং বিষয়াই ভোটাৰ কাৰ্ড পৰীক্ষা নকৰাকৈ ভোট প্ৰদান কৰিবলৈ দিয়াৰ বাবে এনে ভুল হৈছে বুলি দাবী কৰিছে সচেতন লোকে । কেন্দ্ৰটোৰ পুলিং বিষয়াই ভুল চিকাৰ কৰি ভোট প্ৰদানৰ পৰা বঞ্চিত হোৱা পদ্ম কোঁৱৰক টেণ্ডাৰ বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে।