১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈছে জীয়াঢলৰ পানী... 
ধেমাজি

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈছে জীয়াঢলৰ পানী...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ বৃহস্পতিবাৰৰ পৰা অহা নেৰা নেপেৰা বৰষুণ ফলত জীয়াঢলৰ বাঢ়নী পানীয়ে ধেমাজিৰ ভজোঁ গাওঁ অঞ্চলত বিস্তৰ ক্ষতি কৰিছে। জীয়াঢলৰ বাঢ়নী পানী ১৫ নং ৰাাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি যোৱাৰ লগতে এই পথটোলৈ বিপদ কঢ়িয়াই আনিছে।

এতিয়াও ভজোঁ গাওঁ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত একাঠুৰ ওপৰত পানী। এই পানীৰ মাজেৰেই পথটোৰে বিভিন্ন ধৰণৰ যানবাহন বিপদসংকুল ভাৱে পাৰাপাৰ হৈয়ে আছে।

এইদৰেই পথটোৰ ওপৰেদি পানী বাগৰি থাকিলে আৰু যানবাহনৰ চলাচল অব্যাহত থাকিলে সোনকালেই যে পথটোলৈ বিপদ আহিব সেই কথা নিশ্চিত। অৱশ্যে জিলা প্ৰশাসনে এই পথটোত যানবাহন আৰক্ষী মোতায়েন কৰিছে।

ইফালে এই বাঢ়নী পানীৰ ফলত কেইবাখনো গাওঁ ডুব গৈছে। স্থানীয় এজন যুৱকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি পূৰ্বে কেতিয়াও এই অংশত এইদৰে ৰাজপথৰ মাজেৰে পানী বাগৰি যোৱা তেওঁ প্ৰত্যক্ষ কৰা নাছিল।

এইবাৰ এতিয়ালৈকে কেইবাবাৰো ৰাজপথৰ মাজেৰে একাঠু ওপৰেদি পানী বাগৰি গৈছে। জীয়াঢল নদীখনেও সূঁতি সলাই পথটোৰ দিশলৈ গতি কৰিছে। ফলত অধিক বিপদ বাঢ়িছে। সেয়ে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জীয়াঢলৰ এই বাঢ়নী পানীয়ে কৃষকসকলকো যথেষ্ট ক্ষতি কৰিছে।

আন এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি পুৱাৰে পৰা বাঢ়নী পানী হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি হে হৈছে। ফলত কাষৰীয়া বহু কেইখন গাঁৱলৈ বিপদ আহিছে।