অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী জিনা বড়োৰ বিয়োগত জোনাইত শোকৰ ছাঁ... 
ধেমাজি

অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী জিনা বড়োৰ বিয়োগত জোনাইত শোকৰ ছাঁ...

Asomiya Pratidin

ডিজিটেল সংবাদ জোনাই: জোনাই মহকুমাৰ ফ্ৰান্সেলিয়ান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা জোনাই সদৰৰ আগাম দলুঙৰ নিবাসী জিনা বড়োৰ সোমবাৰৰ বিয়লি গুবাহাটীৰ চিটি হাস্পতালত চিকিৎসাধিন অৱস্থাত পৰলোক প্ৰাপ্তি হয়। কৃতী শিক্ষয়িত্ৰী জিনা বড়োৰ বিয়োগৰ খবৰে জোনাই অঞ্চলত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে ১৯৮৬ চনত জোনাইৰ ফ্ৰান্সেলিয়ান হাইস্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰা জিনা বড়োৱে দুবছৰ আগতে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা জিনা বড়ো জোনাই অঞ্চলত কৃতী শিক্ষয়িত্ৰী হিচাপে সুপৰিচিত আছিল।

শিক্ষকতাৰ লগতে জিনা বড়ো বিভিন্ন শৈক্ষিক আৰু সামাজিক কাম কাজত জড়িত আছিল। মৃত্যুৰ সময়ত জিনা বড়োৱে দুজন উচ্চ শিক্ষিত সন্তানৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় ।

ইপিনে আজি পুৱা গুৱাহাটীৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনা বড়োৰ নশ্বৰ দেহ জোনাই আহি পোৱাৰ পিছত ফ্ৰান্সেলিয়ান হাইস্কুললৈ নিয়া হয়। বিদ্যালয়খনৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী জিনা বড়োৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনায়।

তদুপৰি জিনা বড়োৰ বিয়োগত শোক প্ৰকাশ কৰি ফ্ৰান্সেলিয়ান হাইস্কুলত আজি অৰ্ধ ছুটী দিয়ে। ফ্ৰান্সেলিয়ান হাইস্কুলৰ শিক্ষক গোটে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনা বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।

জোনাই অঞ্চলৰ কণ কণ শিশুসকলৰ জীৱনত পোহৰ বিলাই অজান দেশলৈ আঁতৰি যোৱা ফ্ৰান্সেলিয়ান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী জিনা বড়োৰ মৃত্যুত জোনাই প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।