জোনাইত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ... 
ধেমাজি

জোনাইত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ...

Asomiya Pratidin

ডিজিটেল সংবাদ জোনাইঃ একালৰ মিচিং জনগোষ্ঠীৰ বলিষ্ঠ নেতা তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য আৰু বিধায়ক ভূবন পেগুৰ একালৰ ঘনিষ্ঠ ৰাজু মেদকৰ নেতৃত্বত জোনাই সমষ্টিত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ আৰম্ভ হৈছে। আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ ত‌ অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজু মেদকৰ নেতৃত্বত জোনাইত আৰম্ভ হৈছে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ তৎপৰতা।

সোমবাৰে জোনাই সমষ্টিৰ কেৰকেৰ গাঁৱৰ মুৰংঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। এই সভাতে‌ ৰাজু মেদকৰ নেতৃত্বত জোনাই সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীক লৈ এক নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা উদ্দেশ্য এখন শক্তিশালী আহ্বায়ক সমিতি গঠন কৰা হয়।

সভাৰ অন্তত ৰাজু মেদকে সাংবাদিকৰ আগত সদৰি কৰা মতে নতুন জোনাই বিধানসভা সমষ্টিত ৰাইজৰ নিজস্ব কিছু দাবী আৰু সমস্যা আছে। এই সমস্যাসমূহ‌ সমাধাৰ‌ বাবে পথ সন্ধান‌ কৰি‌‌ আছে আৰু ৰাইজৰ মাজলৈ গৈ থকা হৈছে।

জোনাই সমষ্টিৰ সুৰক্ষা আৰু উন্নয়নৰ‌ স্বাৰ্থত ৰাইজৰ পৰামৰ্শ ক্ৰমে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ‌ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত 'জোনাই অভিৱৰ্তন' অনুষ্ঠিত কৰি নতুন আঞ্চলিক ৰাজনৈতিক দলটো আনুষ্ঠানিকভাৱে জন্ম দিয়া হ'ব।

তদুপৰি এই নতুন আঞ্চলিক ৰাজনৈতিক দলে আসন্ন মিচিং স্বায়ত্বশাসিত পৰিষদৰ‌ নিৰ্বাচনত জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ টা‌ সমষ্টিত অংশগ্ৰহণ কৰিব। তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লগতে ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনত নতুন জোনাই বিধানসভা সমষ্টিৰ পৰা‌ ৰাজু মেদকে নিজে প্ৰতিদ্বন্দিতা আগবঢ়াব।

ইপিনে একালৰ মিচিং জনগোষ্ঠীৰ বলিষ্ঠ নেতা তথা বিধায়ক ভূবন পেগুৰ একালৰ ঘনিষ্ঠ ৰাজু মেদকে সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচনত নতুন জোনাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'লে ভূবন পেগু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে ৰাজনৈতিক সচেতন মহলে। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা ৰাজু মেদকক আদৰ্শ আংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত ধেমাজি জিলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই ৰুজু কৰা এক গোচৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে বিগত ১২মাৰ্চত অৰুণাচল প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু জে'ললৈ যাবলগীয়া হৈছিল।

কিন্তু জে'লৰ পৰা ওলাই আহাৰ পিছত কিছু দিন নীৰৱ হৈ‌ থকাৰ পিছত সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰাজু মেদকৰ নেতৃত্বত জোনাই সমষ্টিৰ সুৰক্ষা আৰু উন্নয়নৰ‌ স্বাৰ্থত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ‌ তৎপৰতাই জোনাই সমষ্টিৰ ৰাজনৈতিক মহলত ‌জোকাৰণিৰ‌ সৃষ্টি কৰিছে। ৰাজু মেদকৰ নেতৃত্বত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ তৎপৰতাত টি এম‌ এম‌ কেৰ‌ প্ৰাক্তন সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে চামিল‌ হোৱা পৰিলক্ষিত হৈছে।