agrani khabar  
ধেমাজি

জোনাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাইঃ জোনাই কমলপুৰত সংগঠিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা । শনিবাৰে সন্ধিয়া তিনি যুৱকৰ শাৰীৰিক নিৰ্যাতনৰ বলি হয় এগৰাকী অসহায় মহিলা। নিজ পুত্ৰৰ সন্মুখতে মাতৃৰ গাৰ কাপোৰ ফালি উলংগ কৰি মাতৃক নিৰ্যাতন চলায় মুৰ্কংচেলেক ৰেলৱে ষ্টেচন সমীপৰ কমলপুৰ গাঁওৰ চাইদুল আলি ওৰফে বৰলা, চফিয়ৰ আলি, ৰমজান আলি নামৰ তিনি উদণ্ড যুৱকে।

জানিব পৰা মতে, জোনাই কমলপুৰৰ সমচেৰ  সিং খান নামৰ যুৱকক এই তিনি উদণ্ড যুৱকে ভয়ংকৰভাৱে মাৰপিট কৰাৰ খবৰ ল'বলৈ যোৱাৰ সময়তে যুৱকজনৰ মাতৃকো নিৰ্যাতন চলাই তিনি উদণ্ড যুৱকৰ দলটোৱে ।

চায়দুল আলি ওৰফে বৰলা, চফিউৰ আলি, ৰমজান আলি নামৰ তিনি উদণ্ড যুৱকৰ দলটোৱে  মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি শাৰীৰিক নিৰ্যাতনৰ লগতে মাৰপিট চলোৱাৰ অভিযোগ  মহিলাগৰাকীৰ। 

আনহাতে ঘটনাত গুৰত্বৰভাৱে আহত হোৱা যুৱকজনক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়ত নিয়া হয় যদিও পিচত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰে চিকিৎসকে। ঘটনা সন্দৰ্ভত দেওবাৰে জোনাই থানাত অভিযুক্ত তিনি পাষণ্ডৰ বিৰুদ্ধে মহিলা গৰাকীয়ে গোচৰ ৰুজু কৰে। ভাৰতীয় দণ্ড বিধি আইন C/NO-33/2024 পঞ্জীয়ন কৰি শনিবাৰ দিনাই বৰলা ওৰফে চায়দুল আলিক জেললৈ প্ৰেৰণ কৰে। আনহাতে অভিযুক্ত ৰমজান আলি, চফিউৰ আলি বৰ্তমানও পলাতক অৱস্থাত।