ধেমাজি

মহাশিৱৰাত্ৰি উপলক্ষে চিলাপথাৰত কথা মহাপুৰাণ কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : আজি মহাশিৱৰাত্ৰি। আজিৰ এই পবিত্ৰ দিনটোতে চিলাপথাৰৰ চিলিত আৰম্ভ হ'ল কথা মহাপুৰাণ কাৰ্যসূচী। চিলিৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ৪০ কিলোমিটাৰ পথ পদব্ৰজে গৈ ভক্তই কলহযাত্ৰা কৰিব। দেলু - জিলি মন্দিৰতো ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

চিলাপথাৰৰ চিলি ভগৱান ২ নং মাজৰবাৰী গোৰ্খালী গাঁৱত শুকুৰবাৰৰ পৰা ১৭ মাৰ্চ লৈকে আয়োজিত ৯ দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোতে উদযাপনথলীৰ পৰা বগীবিল দলঙলৈকে এক বিশাল আধ্যাত্মিক কলহ যাত্ৰা সমদল উলিয়াই। চিলি ভগৱানৰ পৰা চিলাসুতিলৈকে দুকুৰি গাঁৱৰ ডেৰ সহস্ৰাধিক ভক্তই পদব্ৰজে অংশগ্ৰহণ কৰে।

হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত হৈ পৰে ব্ৰহ্মপুত্ৰৰ পাৰ। বিশ্ব শান্তিৰ কামনাৰে আয়োজিত বিশাল ভাগৱত মহাপুৰাণ কথা কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

একেদৰে ১৯৮৫ চনত স্থাপিত মিছিং গাঁৱৰ ডিমৌ নদীৰ পাৰৰ দেলো-জিলি শিৱ মন্দিৰত চাৰিদিনীয়াকৈ আৰম্ভ হয় মহাশিৱৰাত্ৰি। মন্দিৰত পুৱাৰে পৰা দেখা গ'ল অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। কুশল মঙ্গল কামনাৰে মহাদেৱৰ চৰণত ভক্তই আগবঢ়ালে নৈবেদ্য।