ধেমাজি

অৱসৰপ্ৰাপ্ত শিক্ষক-ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কীৰ্ত্তিকমল গগৈৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : অৱসৰপ্ৰাপ্ত শিক্ষক,সাংবাদিক,সমাজসেৱক কীৰ্ত্তিকমল গগৈৰ ৭০ বয়সত বুধবাৰে পুৱা নলনিপামৰ নিজ বাসগৃহত মৃত্যু হয়। গগৈৰ মৃত্যুৰ খবৰে ধেমাজিত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

তেওঁৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগেই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ ধেমাজি প্ৰেছ ক্লাৱ,বিভিন্ন সংগঠন, ৰাইজ আৰু তেওঁ শিক্ষকতা কৰা ধেমাজি টাউন এম ই স্কুলৰ ছাত্ৰ -ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰীসকলে শেষ শ্ৰদ্ধাৰে সমবেদনা জনায় ৷

উল্লেখ্য যে, ১ জানুৱাৰী ১৯৫৩ চনত খলিহামাৰী গাওঁত জন্মগ্ৰহণ কৰা কীৰ্ত্তিকমল গগৈয়ে লখিমপুৰ জিলাৰ ঘিলামৰা হাইস্কুলত পঢ়া-শুনা কৰিছিল। পৰৱৰ্তী সময়ত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অধীনত ১৯৭১ চনত হিন্দী-বিশাৰদ আৰু ১৯৭৮ চনত প্ৰবীন পৰীক্ষাত উত্তীৰ্ণ হৈ ১ জানুৱাৰী ১৯৭২ চনত ধেমাজি টাউন এম.ই স্কুলত হিন্দী শিক্ষক হিচাপে নিযুক্তি লাভ কৰে।

বিদ্যালয়খনত সুদীৰ্ঘ দিন শিক্ষকতা কৰা গগৈয়ে ২০১৩ চনৰ নৱেম্বৰ মাহত অৱসৰগ্ৰহণ কৰিছিল ৷ তেওঁ শিক্ষকতাৰ লগতে সামাজিক কামকাজ আৰু সংবাদসেৱাৰ লগতো জড়িত আছিস। থকা

গগৈয়ে ১৯৮৫ চনৰ পৰাই বহুকেইখন দৈনিক আৰু সপ্তাহিক কাকতৰলৈ স্বতন্ত্ৰভাৱে ফটো প্ৰেৰণ কৰা উপৰি লেখা-মেলা কৰিছিল ৷ ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ আজীৱন সদস্য হিচাপে থকা গগৈয়ে ১৯৯৩ আৰু ২০০৮ চনত দুবাৰকৈ ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি, ২০১৩ চনত ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি,অসম ৰাষ্ট্ৰভাষা সেৱক সংঘৰ ৰাজ্যিক কমিটিৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি,ধেমাজি জিলা মধ্য ইংৰাজী সন্থাৰ সম্পাদক-সভাপতি আদিৰ লগতে ধেমাজি জিলা ভূমি ম্যাদী পট্টা দাবী সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক উপৰিও জিলাৰ বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল ৷

তেওঁৰ মৃত্যুত ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিব্য দত্ত,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, জ্ঞান শৰ্মা, হিতেশ বাইলুং, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা, সঞ্জীৱ দাস, জয়ন্ত বৰগোহাঁই,ড° লক্ষী বৰগোহাঁই, দীপেন ভিতৰুৱাল কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাৱ,ধেমাজি জিলা সাংবাদিক সন্থা,জ্যেষ্ঠ সাংবাদিক উমেশ খাণ্ডেলীয়া , ধেমাজি জিলা নাগৰিক সন্থাৰ সভাপতি মহেন্দ্ৰ নাথ কোঁৱৰ,মৰিঢল মহাবিদ্যালয়কে ধৰি ধেমাজিৰ বিভিন্ন দল- সংগঠন,ৰাইজ আৰু বিশিষ্ট বক্তিসকলে শোক প্ৰকাশ কৰে ৷

মৃত্যু সময়ত তেওঁ পত্নীৰ সৈতে দুই পুত্ৰ, এগৰাকী কন্যা,বোৱাৰী, নাতি-নাতিনী লগতে পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷