ধেমাজি

সদৌ অসম কোঁৱৰ বংশাৱলীৰ ১১ সংখ্যক অধিৱেশনৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম কোঁৱৰ বংশাৱলীৰ ১১ সংখ্যক ৰাজ্যিক অধিৱেশন এইবাৰ ধেমাজিত অনুষ্ঠিত হ’ব ৷ আগন্তুক ২০২৪ চনৰ ২২, ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সোমবাৰে ধেমাজি ডিআৰডিএৰ প্ৰশিক্ষণ কেন্দ্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুশল কোঁৱৰ, সাধাৰণ সম্পাদক মনোৰঞ্জন কোঁৱৰৰ লগতে উপসভাপতি সুৰেন্দ্ৰনাথ কোঁৱৰৰ উপস্থিতিত এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ সেই অনুসৰি তোলন কোঁৱৰক সভাপতি, মনোজ কোঁৱৰক কাৰ্যকৰী সভাপতি, নিপ কোঁৱৰক সম্পাদক, লক্ষ্য কোঁৱৰ আৰু কৃষ্ণ কোঁৱৰক সহকাৰী সম্পাদক, বিপ্লৱ কোঁৱৰক কোষাধ্যক্ষ হিচাপে লৈ সোমবাৰে মূল অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷

আনহাতে আগন্তুক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আন ২৪খন উপ-সমিতি গঠন কৰা হ’ব বুলি নৱনিৰ্বাচিত সমিতিখনে জানিবলৈ দিছে ৷ সোমবাৰৰ সভাতে বংশাৱলীৰ ধ্বজা কেন্দ্ৰীয় সমিতিয়ে ধেমাজি অধিৱেশনৰ অভ্যৰ্থনা সমিতিক প্ৰদান কৰে ৷ সেয়ে সকলো কোঁৱৰ বংশধৰৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি সবিশেষ জানিবৰ বাবে ৮০১১৮২১৫২৭ আৰু ৯৯৫৪১৮৩৮৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অভ্যৰ্থনা সমিতিৰ সম্পাদক নিপ কোঁৱৰে ৷