প্ৰৱঞ্চক মানস চলিহাৰ বিৰুদ্ধে প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃৰ গোচৰ ৰুজু... 
ধেমাজি

প্ৰৱঞ্চক মানস চলিহাৰ বিৰুদ্ধে প্ৰয়াত সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃৰ গোচৰ ৰুজু...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ মহা প্ৰৱঞ্চক মানস চলিহা আৰু ধেমাজিৰ আন এক যুৱক পুলকেশ গগৈৰ বিৰুদ্ধে মঙ্গলবাৰে সন্ধিয়া এক গোচৰ হৈছে ধেমাজি সদৰ আৰক্ষী থানাত ৷ সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশিত আলফা (স্বাধীন)ৰ শিবিৰত বন্দী মানস বৰগোহাঁইৰ চাঞ্চল্যকৰ ভিডিঅ’ত ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰচাৰিত হোৱাৰ পিছতেই ধেমাজি সদৰ থানাত মঙ্গলবাৰে এজাহাৰ দাখিল কৰে সিদ্ধাৰ্থৰ পিতৃ মুহি বৰগোহাঁয়ে ৷

ধেমাজি সদৰ আৰক্ষী থানাত প্ৰৱঞ্চক মানস চলিহা আৰু দুৰ্ঘটনাৰ সময়ত সিদ্ধাৰ্থৰ সৈতে একেলগে গাড়ীত যোৱা ধেমাজিৰ গোৱাল গাঁৱৰ পুলকেশ গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সিদ্ধাৰ্থ বৰগোঁহাইৰ পিতৃয়ে ৷ এজাহাৰ দাখিল কৰি সংবাদমাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে দুৰ্ভগীয়া পিতৃ মুহি বৰগোহাঁইয়ে ৷