ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন 
ধেমাজি

ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অহা ২২ মাৰ্চ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ শুকুৰবাৰে পুৱা ১১ বজাত আনুষ্ঠানিকভাৱে টাই আহোমসকলৰ মাংগলিক পৰম্পৰা ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

এই উপলক্ষে পুৱা ৮ বজাৰপৰা পয়-ফুৰা লুঙৰ পৰম্পৰাগত ৰীতি-নীতিৰে ধেমাজি নগৰৰ তেলিজানস্থিত চ্যাও ফা ছ্যু হুং ম্যুং ক্ষেত্ৰত উখলমাখল পৰিবেশ হৈ পৰে ৷ উল্লেখ্য যে, বিগত অধিৱেশনস্থলী চৰাইদেউৰ লাংকুৰীৰ পৰা পৱিত্ৰ ভূমি কঢ়িয়াই আনি সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক ধেমাজি অধিৱেশনৰ লাইখুঁটাত অৰ্পণ কৰা হয় ৷

লাইখুঁটা স্থাপনৰ পাছতে উদযাপন সমিতিৰ সভাপতি তোলন কোঁৱৰৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয় ৷ উদযাপন সমিতিৰ সম্পাদক সঞ্জীৱ কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম কোঁৱৰ বংশাৱলীৰ সভাপতি প্ৰদীপ কোঁৱৰ, উপ-সভাপতি দিলীপ কোঁৱৰ, সম্পাদকত্ৰয় ক্ৰমে দেৱপ্ৰসাদ কোঁৱৰ, বিনোদ কোঁৱৰ আৰু পাৰ্থ কোঁৱৰ, সহঃ সম্পাদক জ্যোতিষ কোঁৱৰ, প্ৰচাৰ সম্পাদক পৰাগ কোঁৱৰ,কোষাধ্যক্ষ বিশ্বজিৎ কোঁৱৰ, কাৰ্য্যবাহী সম্পাদক কুশল কোঁৱৰ, সম্পাদক মনোৰঞ্জন কোঁৱৰ, উদযাপন সমিতিৰ কাৰ্যবাহী সম্পাদক, মনোজ কোঁৱৰকে মুখ্য কৰি শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লাংকুৰি, গোলাঘাট, ঢকুৱাখনা, লখিমপুৰ আৰু ধেমাজি আদি বিভিন্ন ঠাইৰ পাঁচশতাধিক কোঁৱৰ বংশধৰৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আগন্তুক অধিৱেশনখন সৰ্বাংগসুন্দৰভাৱে হোৱাৰ কামনা কৰে ৷

ধেমাজি তেলিজান বাছ আস্থানত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া একাদশ সংখ্যক ধেমাজিৰ অধিৱেশনলৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা দহ সহস্ৰাধিক কোঁৱৰ বংশধৰ লোক উপস্থিত থকাৰ পৰিকল্পনাৰে কামকাজ আগবঢ়াই নিছে বুলি সভাপতি তোলন কোঁৱৰে জানিবলৈ দিয়ে৷ উল্লেখ্য যে ১৯১১ চনত কোঁৱৰ বংশাৱলী আৰম্ভ হৈছিল আৰু কোঁৱৰ বংশধৰসকলক একত্ৰিত কৰি শিপাৰ অনুসন্ধান কৰা আৰু আত্মীয়তা বান্ধোনেৰে সম্পৰ্কৰ জৰীডাল মজবুত কৰি ৰখাৰ মূল উদ্দেশ্য বংশাৱলী অনুষ্ঠিত হৈ আহিছে ৷ সভাৰ অন্তত সমবেত সকলো বংশধৰকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উদযাপন সমিতিৰ অন্যতম সম্পাদক জীৱন কোঁৱৰে ৷