ধেমাজি

মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাজ্যত চলিছে নিৰ্বাচনৰ গৰম বতাহ। চৌদিশে চলিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰচণ্ড বৰষুণ, প্ৰতিকূল বতৰকো নেওচি মেৰাপানীৰ বিভিন্ন স্থানত কামাখ্যা প্ৰসাদ তাচাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। পঞ্চায়তে পঞ্চায়তে সভা পাতি তীব্ৰ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ।

উন্নয়ণৰ শ্ল'গান লৈ ৰাইজৰ পৰা ভোট ভিক্ষা বিজেপিৰ। দেওবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ মেৰাপানী, তৰাণি, দৈয়াং আৰু চাউদাংপথাৰ গাঁও পঞ্চায়তৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ প্ৰচাৰ চলায়।

অজন্তা নেওগে কয় যে কংগ্ৰেছ ৰাজনৈতিকভাৱে শূণ্য হ'ব। কংগ্ৰেছৰ যিসকল অৱশিষ্ট লোক আছে তেওঁলোকে বুজি পাইছে যে এতিয়া কংগ্ৰেছত থাকি একো লাভ নাই। ইফালে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাচাই কেইবা লাখ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে পৰাজয়ৰ ভয়তেই সমষ্টি এৰি পলায়ণ কৰা বুলি কটাক্ষ কৰে অজন্তা নেওগে। ইফালে আজি কেউখন নিৰ্বাচনী সভাতে কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।