ধেমাজি জীয়াঢল বনাঞ্চলত বিধংসী অগ্নিকাণ্ড... 
ধেমাজি

ধেমাজি জীয়াঢল বনাঞ্চলত বিধংসী অগ্নিকাণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জীয়াধল বনাঞ্চলত দেওবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত বনাঞ্চলখনৰ এক বৃহৎ অংশ ইতিমধ্যে জুইত জাহ গৈছে ৷

কি কাৰণত জুইৰ সূত্ৰপাত হ’ল সেই সম্পৰ্কে এতিয়ালৈকে কোনো কাৰণ জানিব পৰা হোৱা নাই ৷ বহুসময় ধৰি জুই জ্বলি থকাৰ পাছত ধেমাজিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপনৰ বাবে ব্যৱস্থা কৰে।

অৱশেষত দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।