২২ ডিচেম্বৰ পৰা ৰাই চাপৰিত টাকাম মিলি অপূন কৗবাংৰ ত্ৰি- বাৰ্ষিক সাধাৰণ অধিৱেশন... 
ধেমাজি

২২ ডিচেম্বৰ পৰা ৰাই চাপৰিত টাকাম মিলি অপূন কৗবাংৰ ত্ৰি- বাৰ্ষিক সাধাৰণ অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজি: অহা ২২ ডিচেম্বৰ পৰা তিনিদিনীয়াকৈ অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলৰ উত্তৰ ধেমাজি ৰাই চাপৰি স্বৰ্গীয় নৰেন্দ্ৰ মিলি ক্ষেত্ৰত টাকাম মিলি অপূন কৗবাং কেন্দ্ৰীয় সমিতিৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে ৷ এই অধিৱেশনৰ আয়োজনৰ প্ৰস্তুতি সম্পৰ্কে দেওবাৰে ধেমাজি প্ৰেছ ক্লাৱত আদৰণি সমিতিয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ টাকাম মিলি অপূন কৗবাং কেন্দ্ৰীয় সমিতিৰ সাধাৰণ ম্পাদক ভৰত মিলিয়ে।

সংবাদমেল সম্বোধন কৰি মিলিয়ে কয় যে, অসম অৰুণাচলকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ যুগ যুগ ধৰি বসবাস কৰি অহা মিলি বংশৰ ঐক্য -এনাজৰী সম্প্ৰতি,শৈক্ষিক আৰু আৰ্থ-সামাজিক বিকাশ, সুস্হ-সবল জীৱন-ধাৰন প্ৰণালী, সংস্কাৰমুখী চিন্তা-চৰ্চা আৰু মিচিংসকলৰ জাতীয় -সাংস্কৃতিক বিকাশেৰে এক সু-সংগঠিত প্ৰগতিশীল তথা উন্নত বংশ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে পুৰুষাণুক্ৰমে সঠিক সম্বোধনেৰে পবিত্ৰ সম্বন্ধ স্হাপন, গোত্ৰ বিচাৰ,বৈৱাহিক সম্পৰ্ক স্হাপন, বংশাৱলী শিপা উদঘাটনকে ধৰি সৰ্বতোপ্ৰকাৰে মিচিং জনগোষ্ঠীটোৰ উত্তৰণৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে ৷

ইফালে আদৰণি সমিতিয়ে অধিৱেশনৰ লগত সংগতি ৰাখি কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী হাতত লৈছে ৷ অধিৱেশনৰ প্ৰথম দিনা সন্ধিয়া ৭.৩০ বজাত মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সভাপতি সুৰুজ কুমাৰ পাতিৰি মিলিয়ে প্ৰতিনিধি সভা সম্বোধন কৰিব ৷ ইয়াৰ পিছতেই মিচিং সমাজত বমি গোত্ৰ উৎপত্তিৰ কাহিনী আৰু মিলি বংশাৱলী বিষয় বস্তৰ ওপৰত এটি আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ৷

ইয়াৰ আগে আলোচনা সত্ৰ উদ্ধোধন কৰিব নেচ ফাউণ্ডেচনৰ সভাপতি তথা ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক পোনাৰাম মিলিয়ে ৷ আলোচনা সত্ৰত আলোক হিচাপে অংশগ্ৰহণ কৰিব মিচিং লোক সংস্কৃতিৰ গৱেষক ডাঃ পবিত্ৰ কুমাৰ পেগু, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে আৰু ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচন তথা ভাৰতৰ গুৱাহাটী কোষৰ উদ্ভাৱন সহযোগী বিষয়া ডাঃ ৰাজীৱ মিলিয়ে৷

এইবাৰ অধিৱেশনত আন্তঃৰাষ্ট্ৰীয় সেউজ গাওঁ ন্যাধিকৰন বঁটা প্ৰাপক তথা শোণিতপুৰ জিলাৰ ভৰলী পাৰৰ কমিচন মিলিলৈ “ মিলি মিগাং” সন্মান প্ৰদান কৰিব ৷ অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব কৃষ্ণৰাম মিলি, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অৰুণাচল প্ৰদেশৰ ৩২ নং ৰোমগং সমষ্টিৰ বিধায়ক তালেম টাবু , ৩৫ নং পাঙিন বিধান সমষ্টিৰ বিধায়ক অজিং তাচিঙকে ধৰি মুঠ ২১ গৰাকী কেবাঙৰ প্ৰাক্তন সভাপতিৰ লগতে ৩৫ গৰাকী বিশিষ্ট অতিথিক নিমন্ত্ৰণ জনাইছে ৷

অধিৱেশনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক,বিশিষ্ট ব্যক্তি, খেলুৱৈ ,শৈক্ষিক ক্ষেত্ৰখনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী আৰু সামাজিক দিশত বিশেষ বৰঙনি আগবঢ়োৱা ব্যক্তিসকলকো বিশেষভাৱে আদৰণি আৰু সৰ্ম্বধনা জনাব ৷ সংবাদমেলত টাকাম মিলি অপূন কৗবাং কেন্দ্ৰীয় সমিতিৰ সভাপতি তৰুণ মিলি,সম্পাদক ভৰত মিলি, সহকাৰী সম্পাদক চন্দ্ৰকান্ত মিলি,সাংগঠনিক সম্পাদক জয়কান্ত মিলি, কাৰ্য্যকৰী সদস্যদ্বয় দেৱেন মিলি আৰু দুৰ্গেশ্বৰ মিলি,অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জল সম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা হৰিপ্ৰসাদ মিলি, কাৰ্য্যকৰী সভাপতি অমৃত মিলিকে ধৰি টাকাম মিলি অপূন কৗবাং কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷