ধেমাজি

উখল-মাখল কাৰেং চাপৰি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি, ৰিঃবি গাচেঙৰ ৰঙেৰে ৰঙীন হৈ পৰিছে বগীবিলৰ মিচিং যুৱ মহোৎসৱ স্থলী।

চিলাপাথৰৰ কাৰেং চাপৰিত দেওবাৰৰ পৰা আৰম্ভ হোৱা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱৰ সোমবাৰেও ব্যাপক জনসমাগম দেখা গ'ল। উদুলি মুদুলি হৈ পৰে সামগ্ৰিক পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিৰ বিশাল বালিচৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা সমাৰোহত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হয় হাজাৰ হাজাৰ লোক।

পুৱাৰে পৰা উদযাপনস্থলীত দেখা গ'ল কৃষ্টি দল সমূহৰ বাৰেৱৰণীয়া গীত নৃত্য পৰিৱেশন। মন পৰশা ঐনিতম আৰু গুমৰাগৰ উত্তাল মাতত মুখৰ হৈ ৰয় ব্ৰহ্মপুত্ৰৰ বিশাল বলুকা। অনুষ্ঠিত হ'ল গুমৰাগ, ঐনিতম,লত্বা চমান,লেৰেলি চমান,দুমদুম মনকা মৃনচুনাম, আদি জনগোষ্ঠীয় গীত আৰু নৃত্য। ৰাজ্যখনৰ বিভিন প্ৰান্তৰ পৰা ভাগ ল'লে প্ৰতিযোগী দল সমূহে।

একেটা সময়তে ৰাজ্যৰ প্ৰায় ১০ হেজাৰ প্ৰতিনিধিক তৃপ্তিৰে মাছে মঙহে এসাঁজ খুৱাবলৈ ৰান্ধনিশালত প্ৰায় ৩০০শ লোকে দিনে নিশাই কৰিছে কাম কাজ। ৬০ টা চৌকাত কৰা হৈছে ৰন্ধন। দিনত দুই সাজ খুওৱাবলৈ কুইন্টলে কুইন্টলে প্ৰয়োজন হৈছে গাহৰি মাংস। ৯ হেজাৰ প্ৰতিনিধিয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে কাৰেং চাপৰিত।

মহোৎসৱৰ প্ৰেক্ষাগৃহ, সাংস্কৃতিক মঞ্চ,জনগোষ্ঠীয় খাদ্যৰ বিপনীৰ পৰা বস্ত্ৰৰ বিপনীলৈকে সকলোতে কেৱল মানুহৰ সমাদৰ।

মঙ্গলবাৰে তৃতীয়টো দিন । দুপৰীয়া টিএমপিকেৰ সভাপতি তিলক দলেৰ সভাপতিত্ব অনুষ্ঠিত হ'ব মুকলি সভা। অসম ট্ৰাইবেল সঙ্ঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, এবছুৰ সভাপতি দ্বীপেন বড়ো ৰ লগতে অসম অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মুৰব্বী সকলে অংশগ্ৰহণ কৰিব। মুকলি সভাত ভূমিপুত্ৰ জনজাতি মিচিং সকলৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হ'ব।