ধেমাজি

মিচিং যুৱ মহোৎসৱৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৪ফেব্ৰুৱাৰী পৰা চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। অন্তিম দিনটোৰ বিশাল মুকলি সভাৰ সাক্ষী হৈ ৰয় কুৰিহস্ৰধিক লোক।

মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত থাকিবলৈ সমগ্ৰ ধেমাজি জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হয় অগণন ৰাইজ। মুখ্যমন্ত্ৰীৰ লগতে বহু বিশিষ্ট আৰু বৰেণ্য অভ্যাগতক ঢোল দগৰে নাচি বাগি আদৰণি জনালে। মুকলি সভাত উপস্থিত থকা অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বিপুল সমাগম উৎফুল্লিত হৈ প্ৰাণৱন্ত জীৱন্ত এই যুৱ মহোৎসৱে মিচিং সকলৰ লগতে অসমীয়াক একত্ৰিত কৰিব। পৰ্যটন আৰু সাংস্কৃতিক পৰ্যটনো বৃদ্ধি কৰিব পৰা মিচিং যুৱ মহোৎসৱক প্ৰতিটো বছৰে এক কৌটি টকা অৰ্থ সাহাৰ্য আগবঢ়াব বুলি মন্ত্ৰী জনে কৈ অহা বাৰ কাৰেং চাপৰিৰ অনুষ্ঠিতব্য যুৱ মহোৎসৱত এনিশা কটাবলৈ আহিব বুলি কয়।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী জনে এনে এক বিশাল কাৰ্য্যসূচী সফল কৰি তোলাত আগভাগ লোৱাৰ বাবে বিধায়ক ভূৱন পেগু মন্ত্ৰী ডক্তৰ ৰনুজ পেগু,টি এম পি কেৰ নেতৃত্বৰ লগতে ৰাইজক ধন্যবাদ জনায়।