বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি... 
ধেমাজি

বগীবিল কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ চিলাপথাৰঃ অহা ১ ফেব্ৰুৱাৰীৰ পৰা চিলাপথাৰৰ নৈপৰীয়া কাৰেং চাপৰিত অনুষ্ঠিত হ'ব নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ। উৎসৱ মুখৰ পৰিৱেশৰ মাজত চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিত এই মোহৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়।

অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিংসকলৰ নৱম সংখ্যক 'মিচিং যুৱ মহোৎসৱ' ২০২৪ অহা ১ ফ্ৰেব্ৰুৱাৰী পৰা অনুষ্ঠিত হ'ব ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিত। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় মাংগলিক ৰীতি-নীতিৰে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজত ৷

বগীবিল কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ লোহিতৰ পাৰত আনুষ্ঠানিকভাৱে লাইখুঁটা স্হাপন কৰে 'মিচিং যুৱ মহোৎসৱ' ৰ উপদেষ্টা তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুয়ে। অনুষ্ঠানত চিলাপথাৰ অঞ্চলৰ বিভিন্ন সাংস্কৃতিক কৃষ্টি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা গোমৰাম নৃত্য-ঐ নিঃতমৰ সুৰত বিধায়ক ভূৱন পেগুৰ লগতে পুৰুষ-মহিলাসকলো একাকাৰ হৈ নৱম সংখ্যক মিচিং যুৱ মহোৎসৱৰ সফলতা কামনাৰে নৃত্য-গীতত অংশগ্ৰহণ কৰে।

লাইখুঁটা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সভাও অনুষ্ঠিত কৰা হয়। সভাত যুৱ মহোৎসৱ উপদেষ্টা তথা বিধায়ক ভূৱন পেগুয়ে কয় যে, এইবাৰৰ পৰা প্ৰত্যক বছৰে টাকাম মিচিং পৰিন কেবাংৰ নেতৃত্বত উদযাপন কৰা হ'ব এই বগীবিল কাৰেং চাপৰিতে।

তদুপৰি পৌৰাণিক বাদ্যযন্ত্ৰ আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰা হ'ব এই যুৱ মহোৎসৱত। অনুষ্ঠানত টি এম পি কেৰ সভাপতি তিলক দলে, MACৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে , কনক দলে, জিলা পৰিষদৰ উপ সভানেত্ৰী বন্তিবালা পেগু, ইন্দ্ৰ চুংক্ৰুাঙে আদি কৰি বহু গণ্যমান্য বিশিষ্ট লোক উপস্থিত থাকে ৷