তিনি শতাধিক ৰোগাক্ৰান্তক চেক বিতৰণ ভূৱন পেগুৰঃ কংগ্ৰেছ, AIUDF ক সমালোচনা  
ধেমাজি

তিনি শতাধিক ৰোগাক্ৰান্তক চেক বিতৰণ ভূৱন পেগুৰঃ কংগ্ৰেছ, AIUDF ক সমালোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ চিলাপথাৰঃ 'অসমীয়া সভ্যতা-সংস্কৃতিক লৈ ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদীৰ লগত তুলনা কৰি বিৰোপ মন্তব্য কৰা ভূপেন বৰাৰ কংগ্ৰেছ দলত অসমৰ খাটি খোৱা, অসমক সচাঁ অৰ্থত ভালপোৱা মানুহ এতিয়া কংগ্ৰেছৰ লগত নেথাকে। বিজেপিৰ উন্নয়নৰ ধাৰাৰ প্ৰতি আকৃষ্ট হৈ এতিয়া সকলোৱে বিজেপিত যোগদান কৰিছে।'

এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভূৱন পেগুৰ। শনিবাৰে চিলাপথাৰ নগৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক দুৰ্বল তথা জটিল ৰোগত আক্ৰান্ত, আৰু মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক সাহায্য পুঁজিৰ প্ৰায় ৩০০শ লোকক অনুদানৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি বিজেপিৰ মুখপাত্ৰ ভূৱন পেগুয়ে বহু নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাক লৈ এইদৰেই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়।