ধেমাজি

চিলাপথাৰত উন্নতমানৰ মিউজিক ষ্টুডিঅ' উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ মেডিকেল ৰোডত ছাউণ্ড ইঞ্জিনিয়াৰ শান্তনু গগৈয়ে এটা অত্যাধুনিক সুবিধাযুক্ত মিউজিক ষ্টুডিঅ' স্থাপন কৰিছে। তেখেতৰ প্ৰয়াত মাতৃ জ্যোতিৰূপা চাংমাই গগৈৰ নামেৰে নৱ নিৰ্মিত ষ্টুডিঅ'টোৰ নাম ৰখা হয় জ্যোতিৰূপা মিউজিক ষ্টুডিঅ'।

মাংগলিক নীতি নিয়মৰ মাজেৰে স্থাপিত ষ্টুডিঅ'টো ফিটা কাটি উদ্বোধন কৰে বিশিষ্ট শিল্পী ভূপেন চাংমাইয়ে। উদ্বোধনী অনুষ্ঠানত এটি জনপ্ৰিয় গীত পৰিৱেশন কৰে টাই ভাষাৰ সুকণ্ঠী গায়িকা জ্যোতিমালা বুঢ়াগোহাঁইয়ে।

অঞ্চলটোত স্থাপিত এই প্ৰথমটো ষ্টুডিঅ'ই সংগীত প্ৰেমী ৰাইজৰ দীৰ্ঘ দিনীয়া এক অভাৱ পূৰণ কৰিব। অঞ্চলটোৰ চুকে কোণে থকা সুপ্ত প্ৰতিভাবোৰ বিকশিত কৰিব। গুৱাহাটিলৈ গৈ অযথা ধন ব্যয় কৰাৰ পৰিৱৰ্তে চিলাপথাৰতে সকলো সুবিধা উপলব্ধ কৰাৰ মানসেৰে স্থাপিত ষ্টুডিঅ'টোলৈ আমন্ত্ৰণ জনাইছে প্ৰতিষ্ঠাপক আৰু কলা-কুশলী সকলে।

অনুষ্ঠানত ৰাজ্য খনৰ প্ৰতিষ্ঠিত সংগীত ব্যৱস্থাপক অনুপম কোঁৱৰ,বাদ্য যন্ত্ৰী বিপ্লৱ দলে,ভূৱন টায়ে,লাটো কোঁৱৰৰ লগতে জ্যেষ্ঠ নাগৰিক ৰঞ্জন চাংমাই,ৰঞ্জীত চাংমাই আদি বহু লোক উপস্থিত থাকে।