ধেমাজি

চিলাপথাৰত পথ দুৰ্ঘটনা : এজন নিহত

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰত শুকুৰবাৰে বিয়লি প্ৰায় ২-০০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লিকাবালিৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা AS 22 B 8099 আৰু AS 22 H 0980  নম্বৰৰ দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হয়।

ফলত চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হোৱাত ততাতৈয়াকৈ চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। অৱশ্যে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বিজয় চেত্ৰী (৪১) নামৰ যুৱকজনৰ মৃত্যু ঘটে।

নিহত যুৱকজনৰ ঘৰ চিলাপথাৰ নতুন মিচিং গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহতকেইগৰাকী হ'ল মহম্মদ আৰিব (১৯), অমিত সিংহ ( ১৯)  আৰু সুভ্ৰত দাস ( ২৬)।

এই আটাইকেইগৰাকী আঘাতপ্ৰাপ্তক চিলাপথাৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।