ধেমাজি জিলা আহোম সভাৰ উদ্যোগত পণ্ডিত ড০ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম জয়ন্তী উদযাপন 
ধেমাজি

ধেমাজি জিলা আহোম সভাৰ উদ্যোগত পণ্ডিত ড০ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম জয়ন্তী উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰ : আজি বিশ্ব বৰেণ্য পণ্ডিত ড° কৃষ্ণকান্ত সন্দিকৈৰ জন্ম জয়ন্তী ৷ সেই উপলক্ষে শনিবাৰে ধেমাজি জিলা আহোম সভাৰ উদ্যোগত আৰু জোনাই জিলা আহোম সভাৰ আতিথ্যত চিমেন চাপৰিত বিশ্ব বৰেণ্য পণ্ডিত ড° কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷

অনুষ্ঠানত পণ্ডিত ড° কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ আহোম সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অতুল বৰগোহাঁইয়ে। তেঁও কয় যে ড° কৃষ্ণকান্ত সন্দিকৈক চৰকাৰে যথোচিত গুৰুত্ব দিয়া নাই। সমগ্ৰ বিশ্বতে সমাদৃত লোকজনৰ জন্ম জয়ন্তীক চৰকাৰীভাৱে উদযাপন কৰি দায়ৱদ্ধ প্ৰকাশ কৰাৰ বাবে আহ্বান জনায় ৷

উল্লেখ্য যে অনুষ্ঠানত আয়োজক সমিতিয়ে কেইবাগৰাকীও আদৰ্শ কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে।