ধেমাজি

গাই নদীৰ মথাউৰি নিৰ্মাণত অসন্তুষ্ট ৰাইজ : ধেমাজিত প্ৰতিবাদী পদযাত্ৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : গাই নদীৰ মথাউৰিৰ ভগ্ন অংশ পোনকৈ নিৰ্মাণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে মঙলবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। নৈখনৰ বাওঁপাৰৰ মথাউৰিটোৰ নিৰ্মীয়মাণ অংশ পোনকৈ নিৰ্মাণ কৰাৰ উপৰি ভালেকেইটা দাবী তুলি ধেমাজি জিলা সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী গঢ়ি তোলে।

প্ৰতিবাদকাৰীসকলে গাই নদী দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা, চুমনিগাঁৱৰ পৰা আমগুৰি গড়কাপ্তানি বিভাগৰ দলঙলৈ নতুনকৈ সম্প্ৰসাৰণ কৰা আদি একাধিক দাবী তোলে। এইসমূহ দাবী তুলি ধেমাজি জিলা সমিতিৰ উদ্যোগত কেৰেকনি আঞ্চলিক সমিতি আৰু অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে মঙলবাৰে জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধেমাজি গোহাঁই গাঁৱৰ তিনিআলিৰ পৰা ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈকে প্ৰতিবাদী পদযাত্ৰা কাৰ্য্যসূচী অনুষ্ঠিত কৰে ৷

প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'ৰ্কাৰ্ড আদি লৈ জলসম্পদ বিভাগ কাম নাই ,জল বিভাগ গ'বেক, বিধায়ক ভূৱন পেগু গ'বেক, প্ৰাক্তন সাংসদ প্ৰদান বৰুৱা ময়মতালি বন্ধ কৰক, ৰাইজক মথাউৰি নিৰ্মাণ কৰি দিব লাগিবই ইত্যাদি শ্লো'গানেৰে উত্তাল কৰি পদযাত্ৰা অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে জলসম্পদ বিভাগে বৰ্তমানে নতুনকৈ সম্প্ৰসাৰণ কৰি আছে এই মথাউৰিটো।

নিৰ্মীয়মাণ মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ ফলত চিচিবৰগাঁও কেৰেকনি মাজগাঁও, কল্পনাপুৰ, বৰাচিৰা,ধেমাজি গোহাঁই গাঁৱকে ধৰি প্ৰায় কুৰিখন গাঁৱৰ জনসাধাৰণৰ মাটি-ভেটি হেৰুৱাৰ আশংকাত ভুগিছে। এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে বিভাগীয় কৰ্তৃপক্ষ,জিলা প্ৰশাসন ,জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু প্ৰাক্তন সাংসদ প্ৰদান বৰুৱাক বহুবাৰ অৱগত কৰিছিল যদিও বিষয়টো কোনোও গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ কৰিছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, এই সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত ৰাইজে বিগত মাহৰ ২৮ ফেব্ৰুৱাৰীতো ধেমাজি জলসম্পদ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। উক্ত সময়চোৱাত বিষয় সন্দৰ্ভত জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

তদুপৰি চলিত মাহৰ ১২ মাৰ্চত ধেমাজি জলসম্পদ বিভাগৰ প্ৰতিমূৰ্তি দাহ,১৫ মাৰ্চত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে জিলা আয়ুক্তক অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। পুনৰ ১৬ মাৰ্চত জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে জল সম্পদ বিভাগৰ সুমতি বিচাৰি নাগাৰা নাম-প্ৰসঙ্গৰে অভিনৱ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল ৷

প্ৰতিবাদকাৰীসকলে একেলেথাৰিয়ে কৰা আন্দোলনৰ অন্তত যোৱা ১৮ মাৰ্চত বিষয়টো আলোচনা মৰ্মে সমাধান কৰা বাবে ধেমাজি জিলা জলসম্পদ বিভাগে আমন্ত্ৰণ জনায়। বিভাগে আমন্ত্ৰণ জনোৱাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া নেতৃত্বত জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু কেৰেকনি আঞ্চলিক সমিতিৰ বিষয়বীয়াসকলৰ উপস্থিতত ৰাইজে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰিতম গগৈ সৈতে আলোচনাত মিলিত হয় ।

আলোচনাত জাতীয়তাবাদী যুৱ পৰিষদ আৰু ৰাইজৰ দাবী মানিলৈ বেঁকাকৈ নিৰ্মাণ কৰা মথাউৰিটো পোনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সোঁফালৰ মথাউৰিটো শীঘ্ৰে নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে। অৱশ্যে ইয়াৰ পিছতো আজি পৰ্যন্ত বিষয়টো কোনো গুৰুত্ব দিয়া নাই বুলি জানিবলৈ দিয়ে ৷

মঙলবাৰে প্ৰতিবাদী পদযাত্ৰাৰ কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে এখনি তিনিদফীয়া দাবীৰ স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ কাৰ্য্যসূচীৰ শেষত প্ৰতিবাদকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা। সভাই জলসম্পদ বিভাগৰ আদেশক বুঢ়া আঙুলি দেখুৱাই কাৰ সাহসত ঠিকাদাৰে মইমতালিৰে য'তে-ত'তে মথাউৰি নিৰ্মাণৰ কামত খনন কাৰ্য্য চলোৱা কাৰ্য্যই সোঁফালৰ মথাউৰিবিহীন গাঁৱসমূহলৈ ভাবুকি সৃষ্টি কৰাৰ দাবী কৰে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধৰণৰ উপকৃত হোৱাকৈ অতি শীঘ্ৰে বিজ্ঞানসন্মতভাৱে গাইনদীৰ মথাউৰি নিৰ্মান কৰিবলৈ জলসম্পদ বিভাগক পুনৰবাৰ সকীয়াই দিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞাঁ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেণ দিহিঙীয়া, উপ সভাপতি জুনটি চাংমাই, যুটীয়া সম্পাদক অনুপম চুতীয়া, কল্যাণ চুতীয়া, গুণীন চুতীয়া,শ্ৰীমন্ত গগৈৰ লগতে কেৰেকনি মাজগাঁও, বৰাচিৰা, কল্পনাপুৰ, জামুগুৰি, বামগাঁও, ধেমাজি গোহাঁইগাঁও, ঘিলাগুৰি বঙালমৰাৰ ৰাইজে অংশগ্ৰহণ কৰে।