ধেমাজি

গোগামুখত প্ৰতিবাদী মটৰ শ্ৰমিকৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ : ২গৰাকীক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : বহু বিতৰ্কিত "হিট এণ্ড ৰান" আইনৰ বিৰুদ্ধে মটৰ শ্ৰমিক যৌথ মঞ্চই ৰাজ্য জুৰি আহ্বান জনোৱা ৪৮ ঘণ্টীয়া কৰ্মবিৰতিৰ সৰ্বাত্মক প্ৰভাৱ পৰে বাণিজ্যিক চহৰ গোগামুখৰ লগতে ঢকুৱাখনা মহকুমাত। শুক্ৰবাৰে পুৱাৰ পৰা আহ্বায়িত এই মটৰ শ্ৰমিক সকলৰ কৰ্মবিৰতিৰে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মটৰ শ্ৰমিকে অংশগ্ৰহণ কৰে।

ঢকুৱাখনা মহকুমা সদৰত সকলোবোৰ বাণিজ্যিক যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। বাণিজ্যিক চহৰ গোগামুখ সদৰতো এই প্ৰতিবাদৰ সৰ্বাত্মক প্ৰভাৱ পৰে। মটৰ পৰিবহন শ্ৰমিক তথা চালকসকলৰ পৰিপন্থী এই মাৰাত্মক আইনৰ স্বতঃস্ফূৰ্ত বিৰোধীতাৰে ৰাজপথলৈ ওলাই অহা গোগামুখৰ একাংশ মটৰ শ্ৰমিকৰ গণতান্ত্ৰিক প্ৰতিবাদ ৰোধ কৰিবলৈ শুক্ৰবাৰে গোগামুখ আৰক্ষীয়ে চৰম পন্থা গ্ৰহণ কৰে।

নিৰস্ত্ৰ নিৰীহ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ গোগামুখ আৰক্ষীয়ে শুক্ৰবাৰে দুপৰীয়া মৃদু লাঠি চালনা কৰি চৰম বৰ্বৰতাৰ পৰিচয় দাঙি ধৰে। লাঠিৰে পৰিবেষ্টিত গোগামুখ আৰক্ষীয়ে নিৰীহ প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰি অবিবেচকী নীতিৰে আৰম্ভ কৰা লাঠি চালনা কৰাৰ লগতে প্ৰতিবাদকাৰী মটৰ পৰিবহন শ্ৰমিক ৰবীন পেগু আৰু নৱ দলেক আটক কৰি থানালৈ নিয়ে ।

প্ৰতিবাদী মটৰ শ্ৰমিক আৰু আৰক্ষীৰ মাজত হোৱা খেদা-খেদিৰ মাজতে প্ৰতিবাদকাৰীসকলে লঘু বাণিজ্যিক বাহনৰ পৰা গুৰু যাত্ৰীবাহী সকলো বাহনৰ চলাচল বন্ধ কৰিবলৈ সক্ষম হোৱাত যাত্ৰীসকল এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হয় । আটকাধীন মটৰ শ্ৰমিক দুগৰাকীক তৎকালে আৰু বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে শ্ৰমিকসকলে । অন্যথাই সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে।