ধেমাজি

শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ সংবাদমেল : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ৬ মাহৰ ভিতৰত হ'ব

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : বিভিন্ন সময়ত দল,সংগঠন ৰাইজে জলবোমাসদৃশ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ আন্দোলন অব্যাহত থকাৰ পিছতো সকলো ধূলিসাৎ কৰি সোমবাৰে সন্ধিয়া ৬ বজাত আচম্বিতে আহি এন এইচ পি চিৰ জিৰণি ঘৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে ৰাজ কুমাৰ সিঙে এক সংবাদ মেল সম্বোধন কৰে। তেওঁ কয়,যে অহা ৬ মাহৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন আৰম্ভ হ'ব ৷

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়- বান্ধৰ নামনি অংশৰ ৩০ কিলোমিটাৰ দৈঘ্য সুৰক্ষাৰ কাম সম্পূৰ্ণ কৰা হৈছে। বাকী অতিৰিক্ত কাম বোৰ কৰা বাবে ৪৫০ কোটি দিয়া হৈছে । সংবাদমেলত কয় যে, ভবিষ্যতৰ সময়বোৰত বান্ধৰ বাবে সোৱণশিৰি বুকুৰ পানী শুকাই যোৱাৰ ঘটনা পুনৰ সংঘটিত নহয়। ভাৰত বৰ্ষৰ উন্নয়নৰ দ্রুত উন্নয়নৰ বাবে জলবিদ্যুৎ শক্তি অতি জৰুৰী হৈ পৰাত অৰুণাচল ৰাজ্যত জল শক্তিৰে ১৩০০০ মেগাৱাট উৎপাদনৰ বাবে নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ ভিতৰত উজনি চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ১১০০০ মেগাৱাট উৎপাদন হ'ব। শেষত শক্তি মন্ত্ৰীগৰাকীয়ে আক্ষেপেৰে কয়- দল,সংগঠন,এন জি অ' আৰু আন আন বহুলোকে বিভিন্ন সময়তত অনাহক বাধা প্ৰদান কৰি অহা বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ ৭ বছৰ ধৰি পিচুৱাই গ'ল ৷

শক্তিমন্ত্ৰীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ পদ্ধ অতি সন্তোষজনক কাৰিকৰী বুলিও উল্লেখ কৰে। ইফালে ধেমাজি জিলাৰ বাবে এন এইচ পি চিয়ে ধেমাজি আই টি আই খনৰ দায়িত্ব লৈ জিলা খনৰ শিক্ষিত নিবনুৱা সকলক কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সচিব পংকজ আগৰৱাল,এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক আৰ. কে বিঞ্চয়,হাইড্ৰইলেকটিক বিভাগৰ যুটীয়া সচিব মহম্মদ আজালকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ৷