ধেমাজি

চিলাপথাৰত ৰোড শ্ব' ৰে নিৰ্বাচনী প্ৰচাৰ সামৰিলে প্ৰদান বৰুৱা আৰু ঘনকান্ত চুতীয়াই

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰঃ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই বুধবাৰে বিয়লি প্ৰায় ৫ সহস্ৰাধিক সমৰ্থকক লৈ লিকাবালি পথৰ নভা পেলেচেৰ পৰা বিশাল সমদল উলিয়ায়। সমৰ্থকে হাতে-হাতে মিত্ৰদলৰ পতাকা,হৰডিং লৈ ৰাজনৈতিক গীত-নৃত্য আৰু গায়ন-বায়নৰে এক উত্তাল পৰিৱেশ সৃষ্টি কৰে। বিশাল দলটোৰ সৈতে প্ৰাৰ্থীগৰাকী নগৰৰ মাজমজিয়াত স্থাপিত নিৰ্বাচনী কাৰ্য্যালয়ত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব আৰু নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দী নাই। গণবিছিন্ন হৈ চেদেলি ভেদেলি হোৱা বিৰোধীয়ে ৰাইজৰ কি দায়িত্ব ল'ব বুলিও প্ৰদান বৰুৱাই মন্তব্য কৰে।

অন্যহাতে পৰৱৰ্তী সময়ত চিলাপথাৰ‌ নগৰত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ উপস্থিতিত সমৰ্থকে এক বিশাল সমদল উলিয়ায়। দলটোৰ কেইবাশ সমৰ্থকে গাড়ী আৰু বাইকেৰে সমদল কৰে। সমদলত দলটোৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়া উপস্থিত থাকি ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা বুলি জনায়। লগতে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে এইবাৰ ৰাইজে জনাদেশ দিব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে, আজি চিলাপথাৰত বিশাল ৰোড শ্ব'ৰে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য্য সামৰিলে মিত্ৰদলৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই।