ধেমাজি

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ...

যোগ্য হিতাধিকাৰীক নিৰ্বাচিত কৰা দাবীত ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি সমিতি আৰু বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি: মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আচঁনিখন গেৰুৱাকৰন বন্ধ কৰা, যোগ্য হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা, সমগ্ৰ অসমতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আচঁনিত থাকি যোৱা ৭৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক পূৰ্বৰ আবেদনৰ ভিত্তিত আচঁনিত অন্তভুৰ্ক্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু আত্মনিৰ্ভৰ অসম অভিযান আচঁনিৰ পৰা বঞ্চিত হোৱা প্ৰাৰ্থীসকলে সোমবাৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ উপযুক্ত প্ৰাৰ্থীসকলক আচঁনিখন শীঘ্ৰেই প্ৰদান কৰক, মন্ত্ৰী ৰণোজ পেগু গ'বেক, সাংসদ প্ৰদান বৰুৱা গ'বেক, বিধায়ক ভূৱন পেগু গ'বেক ,আচঁনি দিয়াৰ নামত গেৰুৱাকৰন বন্ধ কৰক, আচঁনিখনৰ ৭৫ হেজাৰ প্ৰকৃত নিবনুৱাক শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰক, বিজেপি গেৰুৱাকৰনৰ আচঁনিৰ তালিকা কেতিয়াও মানিলোৱা ন'হব, বিজেপিৰ দাদাগিৰি বন্ধ কৰক ইত্যাদি শ্ল'গানেৰে আৰম্ভণিতে ধেমাজি তিনিআলি ৰাজহ চক্ৰৰ কাৰ্য্যালয় সন্মুখৰ পৰা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদ কৰি আহি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আধাঘণ্টাত কৈ অধিক সময় ধৰি প্ৰতিবাদ কৰে।

পাছত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কাৰ্য্যসূচীৰ অন্তত কাছাৰী ময়দানৰ সন্মুখতে প্ৰতিবাদকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াৰ লগতে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভূঞাঁ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াই বক্তব্য ৰাখে।

তেওঁলোকে বিজেপি চৰকাৰে আচঁনি দিয়াৰ নামত গাঁৱৰ সহজ সৰল শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক লৈ কৰা দুৰ্নীতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায় ৷ অন্যথা আগন্তক দিনত প্ৰতিবাদকাৰী সকলে গণতান্ত্ৰিকভাৱে ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে ৷