গাইনদীৰ দুয়োপাৰে বিজ্ঞানসন্মত ভাৱে মথাউৰি নিৰ্মাণৰ দাবীৰে পুনৰ প্ৰতিবাদ... 
ধেমাজি

গাইনদীৰ দুয়োপাৰে বিজ্ঞানসন্মত ভাৱে মথাউৰি নিৰ্মাণৰ দাবীৰে পুনৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ প্ৰায় তিনি শতাধিক ৰাইজে গাইনদী দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আৰু বৰ্তমানে বেঁকাকৈ নিৰ্মীয়মাণ হৈ থকা চিচিবৰগাঁৱৰ চুমনি গাঁৱৰ পৰা আমগুৰি দলঙলৈ যোৱা গড়কাপ্তানি বিভাগৰ গাইনদীৰ বাওঁফালৰ মথাউৰিটো পোনকৈ নিৰ্মানৰ দাবীৰে প্ৰতিবাদ কৰে।

শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈকে দুঘণ্টাতকৈ অধিক সময় ধৰি ধেমাজি জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে৷ হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে’কাৰ্ড লৈ সাংসদ প্ৰদান বৰুৱা গ'বেক, বিধায়ক ভূৱন পেগু গ‘বেক, জল সম্পদ বিভাগ মুৰ্দাবাদ, গাইনদী দুয়োপাৰে মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবই লাগিব, বেঁকাকৈ নিৰ্মাণ কৰা মথাউৰি শীঘ্ৰেই পোনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্য্যসূচীৰ মাজতে প্ৰতিবাদস্থলীতে এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্য্যকৰী সভাপতি কৃষ্ণ ভূঞা, ভাৰপ্ৰাপ্ত সম্পাদক ধীৰেন দিহিঙীয়া, কেৰেকনি আঞ্চলিক সমিতিৰ সভাপতি কল্যান চুতীয়া, কাৰ্য্যকৰী সভাপতি গুণীন চুতীয়া, সাধাৰণ সম্পাদক শ্ৰীমন্ত গগৈ, সমাজসেৱক লক্ষীনাৰায়ণ বৰগোহাঁই, বিনোদ চুতীয়া, লীলা দাস, শেৱালী দাস,সোমেশ্বৰ দাস, হেমচন্দ্ৰ গগৈ, বগাধৰ গগৈয়ে বক্তব্য ৰাখে ৷

সভাত জল সম্পদ বিভাগৰ কামকাজক তীব্ৰ সমালোচনা কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই বক্তব্যত কয় যে, বাৰম্বাৰ ৰাইজে গাইনদীৰ দুয়োপাৰে মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ লগতে বৰ্তমানে জল সম্পদ বিভাগে বেঁকাকৈ নিৰ্মাণ কৰি থকা মথাউৰিটো ৰাইজৰ সুবিধা হোৱাকৈ পোনকৈ নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই অহা পিছতো আজি পৰ্যন্ত বিভাগে গুৰুত্ব দিয়া নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷

আগন্তুক দিনত বিভাগে যদি ৰাইজৰ সুবিধা হোৱাকৈ মথাউৰি নিৰ্মাণৰ ব্যৱস্থা নকৰে তেন্তে জাতীয়তাবাদী যুৱ পৰিষদে আগন্তুক দিনত চিচিবৰগাঁওবাসী ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷ কাৰ্য্যসূচীৰ অন্তত জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আৰু কেৰেকনি আঞ্চলিক সমিতিয়ে ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে ধেমাজি সংমণ্ডলৰ জল বিভাগৰ কাৰ্য্যবাহী অভিন্তাক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷