NHPC ৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মুৰব্বীৰ দায়িত্ব ৰাজেন্দ্ৰ প্ৰসাদক... 
ধেমাজি

NHPC ৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মুৰব্বীৰ দায়িত্ব ৰাজেন্দ্ৰ প্ৰসাদক...

Asomiya Pratidin

ডিজিটেল সংবাদ গেৰুকামুখঃ এন এইছ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ মুৰব্বী হিচাপে ১ নৱেম্বৰ, ২০২৩ বুধবাৰে দায়িত্ব গ্ৰহণ কৰে গ্ৰুপ জেনেৰেল মেনেজাৰ (চিভিল) ৰাজেন্দ্ৰ প্ৰসাদে। ২০০০ মেগাৱাট শক্তি সম্পন্ন এই প্ৰকল্পটোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাজেন্দ্ৰ প্ৰসাদ চিভিল ইঞ্জিনিয়াৰিং বিভাগত স্নাতক।

তেওঁ যোৱা ৩২ বছৰে এন এইছ পি চিৰ হৈ কাম কৰি আহিছে। পৰিকল্পনা প্ৰস্তুত কৰাৰ পৰা জলবিদ্যুত প্ৰকল্প বিকাশৰ সকলো দিশতে কাম কৰাৰ সুদীৰ্ঘ সময়ৰ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী বিষয়াই ভূটানৰ চামখৰচু আৰু মংদেচু প্ৰকল্পৰ উপৰিও চামেৰা, দুলহস্তি, কিষাণগঙ্গা, চালাল শক্তি কেন্দ্ৰৰ দৰে এন এইছ পি চিৰ বহু প্ৰকল্পত সেৱা আগবঢ়াইছে।

নামনি সোৱণশিৰি প্ৰকল্পত যোগদান কৰাৰ পূৰ্বে ৰাজেন্দ্ৰ প্ৰসাদে এন এইছ পি চি আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মিত চেনাব ভেলী পাৱাৰ প্ৰজেক্টছ (পি) লিমিটেডৰ কিৰু আৰু কিৰথাই-২ প্ৰকল্পৰ প্ৰকল্প-মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল ।