অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কণআইটি দেৱীৰ পৰলোকপ্ৰাপ্তিত শোক... 
ধেমাজি

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কণআইটি দেৱীৰ পৰলোকপ্ৰাপ্তিত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও মৌজাৰ অন্তৰ্গত ভেবেলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কণআইটি দেৱী (৮৬)বয়সত শনিবাৰে পুৱতি নিশা পৰলোকপ্ৰাপ্তি হয় ৷ ভেবেলী গাঁওস্থিত চেকেৰাতলী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ চন্দ্ৰ গোস্বামীৰ পত্নী কণআইটি দেৱীৰ মৃত্যুয়ে ভেবেলী, চিচিবৰগাঁও লগতে ধেমাজি অঞ্চলতো শোকৰ ছাঁ পৰিছে ৷

উল্লেখ্য যে, লখিমপুৰৰ জীয়ৰীৰ ঘৰলৈ ফুৰিবলৈ যাওঁতেই হঠাতে অসুস্থ হৈ পৰাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক লগে লগেই লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ নশ্বৰ দেহ ধেমাজি নগৰস্থিত নিজগৃহলৈ অনাৰ পাছতে শেষকৃত্য সমাপন কৰা হয়।

অতি অমায়িক, ধৰ্মপ্ৰাণ, বিদূষী, সৰবৰহী বয়োজ্যেষ্ঠা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ তথা শিক্ষক দীনেশ গোস্বামী, বোৱাৰী ৰেখামণি দেৱী, পাঁচগৰাকী জীয়ৰী ক্ৰমে দিপ্তী গোস্বামী, বন্তি গোস্বামী, তৰু গোস্বামী, নিৰু গোস্বামী আৰু পিংকী গোস্বামী, জোঁৱাই, নাতি-নাতিনী আদিকে কৰি অনেকজন আত্মীয়স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।