শিক্ষাবিদ ঘনাকান্ত কোঁৱৰৰ মৃত্যুত ধেমাজিত শোক... 
ধেমাজি

শিক্ষাবিদ ঘনকান্ত কোঁৱৰৰ মৃত্যুত ধেমাজিত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি ভেহপৰা গাঁৱৰ নিবাসী তথা অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিক্ষাবিদ ঘনকান্ত কোঁৱৰৰ ৭৮ বছৰ বয়সত দেওবাৰে নিশা নিজ গৃহতে মৃত্যু হয় ৷ শিক্ষাবিদজনৰ মৃত্যুৰ খৱৰে অঞ্চলটোৰ লগতে সমগ্ৰ ধেমাজিতেই গভীৰ শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, ভাৰতে স্বাধীনতা লাভ কৰা বছৰতেই ধেমাজি ভেহপৰা গাঁৱত জন্মগ্ৰহণ কৰা ঘনকান্ত কোৱঁৰে ১৯৬৬ চনত ধেমাজি ল'ৰা হাইস্কুল বতৰ্মান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰে ৷ ১৯৭২ চনত স্নাতক ডিগ্ৰী লাভ কৰা কোঁৱৰে ১৯৭১ চনৰ পৰাই অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি পৰবৰ্তী ১৯৭২ চনৰ পৰা সুদীৰ্ঘ ৩৫ বছৰতকৈ অধিক কাল চাকৰি কৰাৰ অন্তত ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে।

অৱসৰ পূৰ্বে তেওঁ ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে ধেমাজি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ ইয়াৰ উপৰিও কোঁৱৰ আছিল ধেমাজি প্ৰমোদ ভৱনৰ প্ৰাক্তন সভাপতি, ধেমাজি সদৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি, ধেমাজি সদৰ কেন্দ্ৰীয় মে-ডাম মে-ফীৰ প্ৰাক্তন সভাপতি, ধেমাজি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ প্ৰাক্তন সভাপতি লগতে প্ৰতিষ্ঠা কালৰে পৰাই ওতঃপ্ৰোতঃভাবে জড়িত থকাৰ উপৰিও শেহতীয়াকৈ ২০১৩ চনৰ পৰা বতৰ্মানলৈকে ধেমাজি নগৰস্থিত ব্যক্তিগত শিক্ষানুষ্ঠান সুবিদ্যা আবাসিক ইংৰাজী বিদ্যালয়ৰ সৈতে জড়িত হৈ আছিল ৷

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুজন পুত্ৰ, এগৰাকী কন্যা আৰু পৰিয়ালৰ বহুজনক এৰি গৈছে ৷