ধেমাজিত পথ নিৰ্মাণৰ অধিগ্ৰহণৰ নামত ব্যাপক কেলেংকাৰীঃ সহকাৰী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ... 
ধেমাজি

ধেমাজিত পথ নিৰ্মাণৰ অধিগ্ৰহণৰ নামত ব্যাপক কেলেংকাৰীঃ সহকাৰী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অসম মালা আচঁনিৰ অধীনত ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথ নিৰ্মাণৰ পূৰ্বেই মাটি অধিগ্ৰহণৰ নামত সংঘটিত হোৱা ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬৪৪ টকাৰ কেলেংকাৰীৰ অভিযোগত ধেমাজি গড়কাপ্তানী বিভাগৰ গৃহ নিৰ্মাণ বিভাগৰ তদানীন্তন সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা সুনীল দলেক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, মাছখোৱাৰ অঞ্চলৰ দুই যুৱক চিন্টু শইকীয়া আৰু মিন্টু ৰাজ কামানে ধেমাজি জিলা প্ৰশাসনৰ উপৰিও অসমৰ মুখ্য সচিব, চি আই ডি বিভাগ, মুখ্যমন্ত্ৰী দুৰ্নীতি তদাৰকী কোষকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষকলৈ মাটি অধিগ্ৰহণৰ নামত হোৱা দুৰ্নীতিৰ সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ বাবে ২০২২ চনৰ ডিচেম্বৰ পৰাই অভিযোগ দাখিল কৰি আহিছিল যদিও কোনো ফল নোপোৱাত পুনৰ চলিত বৰ্ষৰ জানুৱাৰীত অসম চৰকাৰৰ মুখ্য সচিব আৰু পৰৰ্ৱতী আগষ্ট মাহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষলৈ অভিযোগ প্ৰেৰম কৰিছিল ৷

ধেমাজি গড়কাপ্তানী গৃহ বিভাগৰ অভিযন্তাই মাটি অধিগ্ৰহণৰ বাবদ ক্ষতিপূৰণকাৰীক ঘৰ নোহোৱা ঠাইতো ঘৰ দেখোৱাই আৰু এমহলীয়া ঠাইত দুইমহলীয়া দেখোৱাই সম্পূৰ্ণ ভুৱাকৈ ক্ষতিপূৰণকাৰীয়ে ইতিমধ্যে পঞ্চাশ শতাংশ ধনৰ চেক গ্ৰহণ কৰিছিল ৷ জানিব পৰা মতে এমাহ মানৰ আগতে দুনীৰ্তিগ্ৰস্ত অভিযন্তা সুনীল দলেক ধেমাজিৰ পৰা কৰিমগঞ্জলৈ বদলি হৈ গৈছিল ৷

এই বিয়াগোম কেলেংকাৰীৰ জড়িত আৰু বহুকেইজন বিষয়া কৰ্মচাৰী অচিৰেই গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা আছে ৷