ধেমাজি

ধেমাজি নগৰ প্ৰাথমিক শাখাত শংকৰী সংগীতৰ প্ৰশিক্ষণ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ধেমাজি জিলা সংস্কৃতি শাখাৰ উদ্যোগত ধেমাজি আঞ্চলিক শাখাৰ আতিথ্যত আয়োজন কৰা হৈছে শংকৰী সংগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ। সংঘৰ ধেমাজি নগৰ প্ৰাথমিক শাখা নামঘৰত মঙ্গলবাৰৰ পৰা ২১ জুলাইলৈকে ছয় দিনীয়াকৈ শংকৰী সংগীতৰ প্ৰশিক্ষণ গীত, বাদ্য আৰু নৃত্যৰ কৰ্মশালাৰ অনুষ্ঠিত কৰা হৈছে ৷

সংঘৰ ধেমাজি জিলা শাখাৰ ১০ খন আঞ্চলিক আৰু জোনাই জিলা শাখাৰ এখন আঞ্চলিকৰ সৈতে মুঠ জিলা দুখনৰ তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাৰ প্ৰথম দিনা সামূহিক চাফাই কাৰ্য্যসূচীৰে শুভাৰম্ভণি কৰা হয় ।

প্ৰথম দিনা ধেমাজি জিলা সংস্কৃতি শাখাৰ সভাপতি মনোজ দত্তই সভাপতিত্ব কৰা প্ৰশিক্ষণ সত্ৰ সভাখনি উদ্ধোধন কৰে মূল সংঘৰ সংস্কৃত শাখাৰ সম্পাদক সঞ্জীৱ বৰুৱাই ৷ সভাত মুখ্য অতি হিচাপে উপস্থিত থাকে ধেমাজি জিলা শাখাৰ সভাপতি টংকেশ্বৰ গগৈ।

লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সংস্কৃতি শাখাৰ সদস্য অচ্যুত কৃষ্ণ চুতীয়া ,ধেমাজি সভাপতি বিনয় চেতিয়া, ধেমাজি আঞ্চলিক শাখাৰ সভানেত্ৰী লক্ষীপ্ৰভা গগৈৰ লগতে ধেমাজি জিলা শাখাৰ শিশু আই মাতৃ কল্যান সমিতিৰ কৰ্মকৰ্তাসকল ৷ উদ্যোক্তাই জনোৱা মতে অহা ১৭ জুলাই পৰা ২০ জুলাইলৈকে ধাৰাবাহিকভাৱে জিলা সংস্কৃতি শাখাৰ তত্বৱধানত প্ৰশিক্ষণ কাৰ্য্যসূচী পিছতেই ২১ জুলাইত সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হ'ব ৷