চিলাপথাৰত আকাশ, বতাহে ক'লা পতাকাঃ আছু কৰ্মীয়ে ওলমালে, আৰক্ষীয়ে নমালে... 
ধেমাজি

চিলাপথাৰত আকাশ, বতাহে ক'লা পতাকাঃ আছু কৰ্মীয়ে ওলমালে, আৰক্ষীয়ে নমালে...

Asomiya Pratidin

ডিজিটেল সংবাদ চিলাপথাৰঃ সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ক'লা পতাকা ওলমাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰচিবাদ সাব্যস্ত কৰিছে। ব্যতিক্ৰম নহয় চিলাপথাৰো।

চিলাপথাৰত আজি আছু কৰ্মীসকলে নগৰৰ মাজমজিয়াৰ গছৰ ডালে ডালে, বিদ্যুৎৰ খুঁটাত, ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠান আদিত এফালৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ক'লা পতাকা ওলমালে। অৱশ্যে আছু কৰ্মীয়ে এই পতাকা ওলমাই যোৱাৰ পিছে পিছে আৰক্ষীয়ে সকলো পতাকা এখনৰ পিছত এখনকৈ নমাই আনে।

আনহাতে আছু কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে মানি লোৱা নহ'ব বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ এই আইনৰ প্ৰসংগত পূৰ্বে সৰৱ হোৱা, আন্দোলনৰ নেতৃত্ব লোৱা জুবিন গাৰ্গে এই বেলি মৌনতা অৱলম্বন কৰাত ক্ষোভিত হৈ পৰিছে এইসকল আছু কৰ্মী। তেওঁলোকে জুবিন গাৰ্গৰ এনে স্থিতিক গৰিহণা প্ৰদান কৰিছে।