ধেমাজি

মহাষ্টমীত লোকে-লোকাৰণ্য চিলাসুতি ঐতিহাসিক তাম্ৰেশ্বৰী আইথান...

হেজাৰ হেজাৰ পশু পক্ষীৰ তেজেৰে ৰাঙলী বলিশাল। মাৰ চৰণত আশীৰ্বাদ বিচাৰি উপস্থিত বিধায়ক ভূৱন পেগু...

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰঃ দূৰ্গোৎসৱৰ মহাষ্টমীৰ দিনাও চিলাপথাৰৰ ঐতিহাসিক তাম্ৰেশ্বৰী আইথানত ভক্তৰ ব্যাপক সমাগম ঘটে। বৰ্ষাবিঘ্নিত পৰিৱেশৰ মাজটো দেৱী মাৰ আশীষ বিচাৰি অজস্ৰ ভক্তই থানখনত হেতা ওপৰা কৰে।

কৌটিকলীয়া পৰম্পৰাৰ দোহাই দি এইবাৰো অষ্টমীৰ দিনটোত পূৱাৰ পৰাই আইথানত হেজাৰ হেজাৰ পশু পক্ষী উচৰ্গা কৰা হয়। অবোধ পশু পখীৰ বলীৰ তেজেৰে ৰাঙলী হ'ল আইথানৰ বলীশাল।

ইফালে আজি মাৰ পৰা আৰ্শীবাদ বিচাৰি পৰিয়ালসহ আইথানলৈ আহিল জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু। দেৱী মাৰ চৰণত নৈবেদ্য আগবঢ়াই নিজা বংশ পৰিয়ালৰ লগতে সম্ৰগ্র ৰাইজৰ কুশল মংগল কামনা কৰে। ঐতিহাসিক থানখনৰ আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কে ৰাইজৰ সৈতে বাৰ্তালাপ কৰে বিধায়কজনে।