ডিজিটেল সংবাদ চিলাপথাৰঃ আনন্দামুখৰ হৈ পৰিছে চিলাপথাৰ অঞ্চলৰ গোৰ্খা অধ্যুষিত গ্ৰামাঞ্চলসমূহ। নিশা দুপৰলৈকে গীত নৃত্যৰে তালে তালে নাচিবাগী মতলীয়া হৈ পৰিছে ৰাইজ।
অঞ্চলটোৰ গোৰ্খাসকলৰ অধ্যুষিত ক্ৰমে ডিমৌ, লামা, আইথান, দিজমূৰ, তাৰাপুৰ, ৰামপুৰ, চ'ছাইটি, মালিনীপুৰ, ঘগৰা, জিপু, চিলাসুতি, শ্যামজুলি আদি গ্ৰামাঞ্চলত দেওবাৰৰ নিশাও দেখা গ'ল উসৱমুখৰ পৰিবেশ। পুৰুষ,মহিলা, শিশুৰ পৰা বয়স্ক লোকলৈ পৰম্পৰাগত দেওছি নৃত্যত ভাগ লোৱা দেখা গ'ল।
গীত নৃত্যত ভাগ লৈ আপোন পাহৰা হ'ল অজস্ৰ জন। ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰিবলৈ 'ভাই টীকা' পৰ্বও অতি আনন্দৰে পালন কৰিলে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে। এই আনন্দমুখৰ পৰিবেশৰ মাজতে নৱ প্ৰজন্মক পৰম্পৰাগত তিহাৰ উৎসৱৰ সৈতে চিনাকি দিয়াৰ পোষকতা কৰে জনগোষ্ঠীটোৰ জ্যেষ্ঠ সকলে।