ধেমাজি

সমাজকৰ্মী যজ্ঞেশ্বৰ সোণোৱালৰ গ্ৰন্থ “মহীয়ান” উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: সমাজকৰ্মী যজ্ঞেশ্বৰ সোনোৱালৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে বুধবাৰে নিজ বাসগৃহত স্মাৰক গ্ৰন্থ “মহীয়ান ” উন্মোচন। উন্মোচন কৰে পশুপালন ও পশু চিকিৎসা বিভাগৰ ধেমাজি অৱসৰপ্ৰাপ্ত পশুধন পৰিদৰ্শক জীৱন চন্দ্ৰ হাজৰিকাই।

ইয়াৰ পূৰ্বে উন্মোচক হাজৰিকাই প্ৰাৰ্থনা আৰু ধৰ্মীয় তত্বৰে প্ৰয়াত সোণোৱালৰ সদগতি কামনা কৰে ৷ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰি তেওঁৰ বক্তব্যত অৱসৰপ্ৰাপ্ত পৰিদৰ্শক হাজৰিকাই প্ৰয়াত সোণোৱালৰ কৰ্ম ও সমাজ জীৱনৰ সম্পৰ্কে ৰোমন্থন কৰে ৷

বক্তব্যত তেওঁ প্ৰয়াত সোণোৱালে ধেমাজিৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে কি দৰে জড়িত হৈ নিষ্ঠাবান,সমাজকৰ্মী,আদৰ্শ ব্যক্তি হিচাপে ওৰেটো জীৱন সমাজ সেৱা আগবঢ়াই অহা সম্পৰ্কে সোঁৱৰে। তেওঁ কয় "সোণোৱাল চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ'ল" বুলি শোক প্ৰকাশ কৰে ৷

উন্মোচনী সভাৰ পূৰ্বে প্ৰয়াত সোণোৱালৰ পৰিয়ালবৰ্গই অতিথিসকলক সেৱা জনাই ওলগ লয় ৷ উন্মোচনী সভাত উপস্থিত থকা প্ৰয়াত সোণোৱালৰ একালৰ বন্ধু তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱায়ো প্ৰয়াত সোণোৱালৰ সৈতে থকা বন্ধুত্বৰ সম্পৰ্কে সুৱঁৰি বক্তব্য ৰাখে ৷

সভাত জ্যেষ্ঠ ব্যক্তি হোমেন কোঁৱৰ,ক্ষীৰোদ দিহিঙীয়া,অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নৱ ডেকা বৰুৱা ,জ্যেষ্ঠ গাণনিক বিষয়া প্ৰভাত সোনোৱাল,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিৰুপ্ৰমা সোনোৱাল,হেমন্ত দেউৰী,বিশ্বনাথ সোনোৱাল,ধেমাজি বালিকা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ লগতে ধেমাজি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গণ্য মান্য বক্তিসকল উপস্থিত থাকে ৷