জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ছাত্ৰঃ AMC ৰ পৰাও পঠিয়াই দিলে ঘৰলৈ... 
ধেমাজি

জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ছাত্ৰঃ AMC ৰ পৰাও পঠিয়াই দিলে ঘৰলৈ...

Asomiya Pratidin

ডিজিটেল সংবাজ চিলাপথাৰঃ ৰাজ্যৰ প্ৰায় কেইখন জিলাতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে চিলাপথাৰটো দেখা গৈছে এই ৰোগৰ প্ৰাদুৰ্ভাৱ। সমগ্ৰ ৰাজ্যৰ ভিৰতে ধেমাজি জিলাতেই দ্বিতীয় সৰ্বাধিক জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হৈছে। তাৰ পাছতো কিন্তু জিলাখনত এই ৰোগৰ সন্দৰ্ভত খোদ স্বাস্থ্য বিভাগেই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

চিলাপথাৰ এটি ১২ বছিৰীয় কিশোৰ জাপানীজ এনেকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ থকাৰ পাছতো স্থানীয় স্বাস্থ্য বিভাগে এই সন্দৰ্ভত কোনো পদক্ষেপেই গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে ধেমাজি নবোদয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ চাজন চুবেদি যোৱা কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আহছে। যোৱা ২ জুলাইত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজন জ্বৰত আক্ৰান্ত হৈ থকাৰ পৰিপ্ৰেক্ষিততে অভিভাৱক চমজাই দিছিল। কিন্তু ৰহস্যজনকভাৱে ছাত্ৰজনে জ্বৰত আক্ৰান্ত হৈ থকাৰ কথা অভিভাৱকক পূৰ্বে এবাৰো নজনালে স্কুল কৰ্তৃপক্ষই।

অভিভাবকে ছাত্ৰজনক ঘৰলৈ আনি প্ৰথমে স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰাই যদিও পৰৱৰ্তী সময়ত চিলাপথাৰলৈ স্থানান্তৰ কৰে। চিলাপথাৰটো সুফল নোপোৱাত ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত এ এম চিলৈ নি তাত ভৰ্তি কৰে। এ এম চিত কেইবাদিনো আই চি ইউত ৰাখি শুকুৰবাৰে জটিল অৱস্থাতে হাস্পতাল কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ দিয়ে ছাত্ৰজনক।

ইপিনে ছাত্ৰজনৰ অৱস্থা সামান্যও উন্নতি হোৱা নাই। সম্প্ৰতিও অৰ্ধচেতন অৱস্থাতে থকা ছাত্ৰজনে মাজে সময়ে প্ৰলাপ বকা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালটোক। এনে পৰিস্থিতিত মহা সমস্যাত ভূগিছে ৰোগীৰ অভিভাৱক।

এনে এক পৰিস্থিতিৰ পাছতো আজি পৰ্যন্ত খবৰ পোৱাৰ পিছতো ৰোগীৰ ঘৰলৈ খোজ দিবলৈও যোৱা নাই স্বাস্থ্য বিভাগৰ কোনো কৰ্মচাৰী। একেদৰে শিশুটিৰ খবৰ লবলৈ নবোদয় বিদ্যালয়ৰো কোনো লোকে আহৰি পোৱা নাই বুলি পৰিয়ালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যি সময়ত ৰাজ্যৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক জাপানীজ এনকেফেলাইটিছ ৰোগী ধেমাজি জিলাত ধৰা পৰিছে তেনে সময়তো প্ৰায় অচেতন অৱস্থাত থকা কিশোৰ ছাত্ৰজনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা খবৰ নোলোৱা বিষয়টোৰ লগতে হাস্পতাল কৰ্তৃপক্ষয়ো গুৰুত্বহীন কৰাত ৰাইজে চোকা সমালোচনা কৰিছে।