ধেমাজি

চিলাপথাৰ পৌৰসভাৰ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : চিলাপথাৰ পৌৰসভাৰ পৌৰপতি বিৰুদ্ধে অনাস্থাক কেন্দ্ৰ কৰি শুক্ৰবাৰে চিলাপথাৰত সংঘটিত কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লাৱন্য পাটিৰ বিৰুদ্ধে ১ ডিচেম্বৰৰ দিনা আনিছিল অনাস্থা।

১২ জনীয়া চিলাপথাৰ পৌৰসভা সমিতিখনৰ গৰিষ্ঠসংখ্যক ৯ জনেই অনাস্থা প্ৰস্তাৱ আনে। ইয়াৰ পিচত ধেমাজি আয়ুক্তই ১২ ডিচেম্বৰত পৌৰপতিগৰাকীক এখন সাধাৰণ সভাৰ দ্বাৰা সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰি দেখুৱাবলৈ নিৰ্দেশ দিয়ে।

কিন্তু এই নিৰ্দেশৰ পিছতো প্ৰমাণ দিব নোৱাৰাৰ পিছত জিলা আয়ুক্তই আন এক নিৰ্দেশনাযোগে পৌৰসভাৰ আইনৰ নিয়ম অনুসৰি যোৱা ২৭ ডিচেম্বৰত সমিতিখনৰ উপ পৌৰপতিকগৰাকীক ৫ জানুৱাৰীত সভা পাতিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশমৰ্মে উপ পৌৰপতি শৰ্মিষ্ঠা দেৱে শুক্ৰবাৰে বিয়লি ২.৩০ বজাত পৌৰসভাৰ কাৰ্য্যালয়লৈ যায়।

কিন্তু যোৱাৰ মুহূৰ্ততেই সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু জিলা আয়ুক্তৰ সন্মুখৰ পৰাই চিলাপথাৰ আৰক্ষীৰ সহযোগত ৯ জনীয়া সদস্যৰ মাজৰ পৰাই শৰ্মিষ্ঠা দেৱক বলপূৰ্বকভাৱে থানালৈ উঠাই নিয়ে। ইয়াতে ক্ষান্ত নাথাকি ৱাৰ্ড কমিশ্যনাৰ জিতেন কুটুমক সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ নিৰ্দেশত টি এম পিকেৰ সভাপতি তিলক দলেৰ গুণ্ডাবাহিনীয়ে প্ৰহাৰ কৰাৰ লগতে জোৰ-জবৰদস্তি গাড়ীত উঠাই লৈ যায়।

এই সমগ্ৰ ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে বিপদৰ আশংকা কৰিয়েই অনাস্থা প্ৰস্তাৱ অনা সকলে আগতীয়াকৈ জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো সহাৰি নোপোৱা কাণ্ডই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷