ধেমাজি

জোনাই প্ৰাথমিক শিক্ষক সন্মিলনীৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাইঃ জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ অষ্টাদশ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি বৃহস্পতিবাৰে মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত কৰা হয়। এক নং পূব জোনাই, জোনাই সদৰ আৰু পূব জোনাই প্ৰাথমিক শিক্ষক সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হোৱা জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনৰ মুকলি সভাখন আজি বিয়লি এটি সমবেত সংগীতেৰে আৰম্ভ হয়।

জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মৃণাল কুলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা চন্দ্ৰ কান্ত ৰয়ে। সন্মিলনীৰ সম্পাদক নিপেন বুঢ়াগোহাঁয়ে আঁত ধৰা সভাত আদৰণি ভাষণ আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি চেনিৰাম পাংগিঙে। সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড0 দীপক কুমাৰ দলেয়ে জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনৰ উপলক্ষে প্ৰকাশ কৰা তথা জীপেন দলে, দেৱৰাম পেগু আৰু ৰঞ্জন কুমাৰ কামানে সম্পাদনা কৰা 'জ'নাইজ্যোতি' শীৰ্ষক মুখপত্ৰখন উন্মোচন কৰা হয়।

ইপিনে মুকলি সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসমত ৰাজহুৱা শিক্ষা খণ্ডৰ শৈক্ষিক অৱস্থা ভাল নহয় বুলি উল্লেখ কৰি কয়, দেশৰ অন্যান্য ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ এ ২৫-৫ শতাংশ প্ৰযোগ হৈছে যদিও অসমত বৰ্তমানলৈ মাত্ৰ ১১-৫ শতাংশে প্ৰযোগ হৈছে। আজিও বহু বিদ্যালয়ে কিতাপ, মূল্যায়ন বহী পোৱা নাই। বহু বিদ্যালয়ৰ আন্তগাথঁনি নাই, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নাই। অনাশৈক্ষিক কামত শিক্ষক নিযুক্তিয়ে শৈক্ষিক দিশত বাধা গ্ৰস্ত কৰিছে। কিন্তু ৰাজ্য চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ শিক্ষকসকলক সমস্ত দোষ জাপি দি আহিছে।

ইপিনে প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে চৰকাৰী পৃষ্ঠপোষকতা মাচুল লোৱা বিদ্যালয়ৰ স্থাপন কৰি ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ ব্যক্তিগতকৰণ বাট মুকলি কৰা বুলি অভিযোগ কৰি বৰ্তমান আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষক-ছাত্ৰ-অভিভাৱকৰ লগতে চৰকাৰে সঠিক দায়ত্ব পালন নকৰিলে ৰাজহুৱা খণ্ডৰ শৈক্ষিক ব্যৱস্থা অধিক বেয়াৰ দিশে গতি কৰিব বুলি মন্তব্য কৰে।

তদুপৰি চৰকাৰে শিক্ষকৰ মাজত বিভাজন আনিব বিচাৰিছে বুলি উল্লেখ কৰি টিউটৰ নামত চৰকাৰে শিক্ষকৰ মৰ্যাদা হানি কৰিছে বুলি মন্তব্য কৰি টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনায়। শিক্ষক সমাজক হেয় প্ৰতিপন্ন কৰি সমাজৰ উন্নয়ন আশা কৰিব নোৱাৰে বুলিও মন্তব্য কৰি নতুন চিন্তা আৰু পৰিকল্পনাৰে বিদ্যালয়ৰ বন্ধ নহয়, বিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰে শিক্ষাৰ মান উন্নয়ন কৰিবলৈ চৰকাৰলৈ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে আহ্বান জনায়।

সভাত জোনাই বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক অমৃত কোঁৱৰে নিজৰ ভাষণত-সীমান্তৱৰ্তী তথা বানবিধ্বস্ত জোনাই মহকুমাত বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে বোকা-পানী গছকি নদী পাৰ কৰি শিক্ষকতা কৰি আহিছে বুলি মন্তব্য কৰে। তদুপৰি তেওঁ জোনাই মহকুমাৰ বহু প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা কম যদিও তাৰ মাজতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে অবিৰত প্ৰচেষ্টাত বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক শলাগ লয়।

সভাত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 ৰাজেশ্বৰ পেগুৱে বহু বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱ, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা অভাৱে শৈক্ষিক পৰিবেশ নিম্নগামী কৰাৰ কথা উল্লেখ কৰি শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰি শিক্ষকসকলক শ্ৰেণীকোঠা মনোযোগ দিয়াৰ সুস্থ পৰিবেশ দিবলৈ চৰকাৰলৈ আহ্বান জনায়। সভাত টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ৰাজু ৰেগন আদিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

তদুপৰি সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, চনেশ্বৰ বসুমতাৰী, ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, কমলা শৰ্মা, ললিত বড়ো, ৰাম পেগু, দিপাংকৰ শৰ্মা, হীৰেণ গগৈ, লংক্ষেশ্বৰ পেগু, অতুল পেগু, জয়ন্ত বৰি, ভূপেন বৰুৱা, লোহিত ফুকন, মহন হালৈ, দেৱৰাম পেগু, ধীলেশ্বৰ পেগু, ইন্দ্ৰেশ্বৰ দলে, বিৰিঞ্চি পেগু, পদ্মনাথ মৰাং আদি গণ্যমান্য ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে। সভাত জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰবিকান্ত পাতিৰক সন্মিলনৰ কৃতী শিক্ষকৰ বটাঁ প্ৰদান কৰাৰ লগতে কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰী বিশেষ কৃতী ছাত্ৰ বঁটা প্ৰদান কৰা হয়।

ইপিনে আজি পুৱা ভাগতে অভ্যৰ্থনা সমিতিৰ সহকাৰী সম্পাদক বুদ্ধিনাথ ৰেগনৰ নেতৃত্বত সমূহীয়া চাফাই, জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মৃণাল কুলিৰ দ্বাৰা পতাকা উত্তোলন আৰু সম্পাদক নিপেন বুঢ়াগোহাঁই দ্বাৰা স্মৃতি তৰ্পণৰ পিছত লালী টায়েই গছ পুলি ৰোপণ শুভাৰম্ভ কৰে। ইয়াৰ পিছত অভ্যৰ্থনা সমিতিৰ উপ-সভানেত্ৰী বৰ্ণালী পেগু দ্বাৰা প্ৰতিনিধি শিবিৰ মুকলি পিছত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়।