ধেমাজি

ধেমাজি মাডাৰ্ছ প্ৰাইডৰ স্কুলৰ সাফল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ সদ্যঘোষিত CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত উজলি উঠিছে ধেমাজি জিলা। ধেমাজি মাডাৰ্ছ প্ৰাইড স্কুলৰ পৰা অৱতীৰ্ণ মুঠ ৫১ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ পৰা টুইংকল বৰগোহাঁইয়ে ৯৮.৪% শতাংশ লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য যে মুঠ পৰীক্ষাৰ্থীৰ ১২ গৰাকীয়ে ৯০% শতাংশত কৈ অধিক নম্বৰ লাভ কৰে।

তেঁওলোক ক্ৰমে হিৰণ্য বুঢ়া গোহাঁই ৯৬.২% , আস্থা প্ৰিয়ম বৰা ৯৫.২% ,নৱনীতা বৰগোহাঁই ৯৫.২% , লিজা বৰদলৈ ৯৩.৮% ,শশাংক দলে ৯৩.৮% ,পোবালী সোনোৱাল ৯৩.৪% ,ৰিয়া ফুকন ৯৩% , কৃষ্ণনু গোস্বামী ৯২.৪% ,ৰক্তিম ভাৰধৰা ৯২.২% , দিবাংঙ্গনা শৰ্মা ৯২% , প্ৰচুৰ্য্য কামান ৯০.৪% শতাংশ নম্বৰ লাভ কৰে।

ইয়াৰোপৰি ১৩ গৰাকীয়ে ৮০% শতাংশতকৈ অধিক নম্বৰ লাভ কৰে। আনহাতে শিক্ষানুষ্ঠানখনৰ ২৪ গৰাকীয়ে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ৷ ইফালে ধেমাজি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ মুঠ ৪০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বাধিক মুনমী কাজল শইকীয়াই ৯৬.৬% শতাংশ লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনে।

ইফালে ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ মুঠ ৩৯ গৰাকী শিক্ষাৰ্থীয়ে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সাফল্য লাভ কৰে। ইয়াৰ উপৰিও দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ তিনিগৰাকীয়ে ক্ৰমে ৯১.৮% ,৯০.২% আৰু ৮৯.২% লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷