ধেমাজি

ধেমাজিত চোৰৰ তাণ্ডৱ : দেৱাল পাৰ হৈ চলালে চুৰিকাৰ্য

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি: ধেমাজিত চোৰে ইটোৰ পাছত সিটো চুৰি কাণ্ড সংঘটিত কৰি তাণ্ডৱ চলাই আহিছে। সোমবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ৰ সমীপৱৰ্তী খুৱলীয়াৰ গাঁৱৰ থানু গগৈৰ ঘৰত ৫জনীয়া এটা চোৰৰ দলে নিশা প্ৰায় ১২-৩০ বজাৰ পৰা ২-০০ বজা পৰ্যন্ত ঘৰৰ ভিতৰত সোমাবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱা তথ্য চিচি কেমেৰা জৰিয়তে গৃহস্থই লাভ কৰে।

তথ্যমতে লোকজনৰ ঘৰত নিশা উক্ত চোৰৰ দলটোৱে মূল প্ৰৱেশদ্বাৰৰ দেৱাল পাৰ হৈ এজন-এজনকৈ সন্তপৰ্ণে পিছ দুৱাৰেদি মুঠ ৫জন চোৰে পাকঘৰত প্ৰৱেশ কৰে ৷ ইয়াৰ পিচতে হাতত টৰ্চ লাইট আৰু সজুঁলি লৈ ঘৰৰ মূল কোঠা দুটাৰ দৰ্জা ভাঙিবলৈ চেষ্টা চলায় ৷

প্ৰায় দুঘণ্টা ধৰি চেষ্টা কৰিয়ো সফল হ'ব নোৱাৰি অৱশেষত নিৰ্বিঘ্নে পাকঘৰৰ কোঠাৰ পৰা ঘৰৰ পিছফালে বাৰীৰে চোৰৰ দলটো ওলাই যায় ৷ নিশা সন্ত্ৰাস চলোৱা চোৰৰ দলটোৰ সমগ্ৰ দৃশ্য বন্দী হয় গিৰিহঁতৰ চি চি টিভিৰ কেমেৰাত ৷

ইপিনে চি চি টিভি কেমেৰা পৰীক্ষা কৰাৰ অন্তত এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিচত আতংকিত হৈ পৰে পৰিয়ালটোৱে ৷ শংকিত হৈ ইতিমধ্যে গৃহস্থ থানু গগৈয়ে ধেমাজি সদৰ আৰক্ষী থানাৰ এজেহাৰ দাখিল কৰে ৷

উল্লেখ্য যে ধেমাজি নগৰৰ বিভিন্ন ঠাইত দীৰ্ঘদিনৰ পৰা চোৰ-ডকাইতে সন্ত্ৰাস চলাই বহু পৰিয়ালক লুটি আহিছে যদিও আজিলৈকে এটাও চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ধেমাজি আৰক্ষী ৷ সোমবাৰে একেদিনাই ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰৰ প্ৰৱেশ ওৰফে বিকিৰ বাঞ্চালৰ ঘৰত কোনো নথকা সুযোগ লৈ দিন দুপৰতে লুটি নিয়ে ৪.৫ লাখ টকা,২৫ তোলা সোণ যাৰ মূল্য প্ৰায় ১২ লাখ , ২ কেজি ৰূপৰ টকা লৈ উধাও হৈছিল ৷

জানিব পৰা মতে, এনে কাণ্ডৰ পিচত ৰাতি ৰাতি ধেমাজি আৰক্ষীয়ে অভিযান চলাই লখিমপুৰৰ খেলমাটিৰ এঘৰৰ পৰা সোণ আৰু নগদ ১ লাখ টকা উদ্ধাৰ কৰে যদিও চোৰ কন্টি শইকীয়া পলায়ন কৰাত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে । কিন্ত চোৰৰ মাক আৰু ভায়েকক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখযোগ্য যে বিগত জুন মাহতেই ৯ টাকৈ চুৰি কাৰ্য্য সংঘটিত কৰাৰ লগতে চলিত মাহত পুনৰ ধেমাজিত দুটিকৈ চুৰিকাণ্ড সংঘটিত হৈছে ৷ নগৰখনৰ বিভিন্ন প্ৰান্তত চোৰৰ ধাৰাবাহিক সন্ত্ৰাসত ত্ৰস্তমান হৈ আতংকিত হ'ব লগা হৈছে ধেমাজিবাসীয়ে ৷