ধেমাজি

অৰুণাচলত অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ পশ্চিমবংগৰ তিনি লোক !

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰ : অৰুণাচলত অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ পশ্চিম বংগৰ তিনি লোক। প্ৰাপ্ত খবৰ মতে,পশ্চিমবংগ হাওৰা জিলাৰ জগতবল্লবপুৰ থানাৰ অন্তৰ্গত যেবিপুৰৰ যদুনাথ মোদক (৬০),শেখ আব্দুল ৰহমান আৰু শেখ হাননাণক চিলাপথাৰৰ কোনো দুৰ্বৃত্তৰ দলে ৮দিন পূৰ্বে কিছু কামৰ সূত্ৰে মাতি আনে। বিমানেৰে অসমলৈ আহিছিল তিনিওজন লোক।

ইয়াৰ পিছতে অৰুণাচলৰ দুৰ্গম স্থানত বন্দী হৈ পৰে তিনিও লোক। মুক্তিপণ হিচাপে অপহৰণকাৰীযে দাবী কৰে ৬ লাখ টকা। অপহৰণকাৰীয়ে যোগাযোগ কৰে ব্যক্তি কেইজনৰ যোৰহাটৰ আত্মীয় মানুহৰ সৈতে।

এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰে যোগাযোগ কৰি সহায় বিচাৰে । সেই মতে আৰক্ষীয়ে ৰণ কৌশল প্ৰস্তুত কৰি অৱশেষত অৰুণাচলৰ দুৰ্গম স্থানত অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰি নিশা চিলাপথাৰ থানাত উপস্থিত হয়। অৱশ্যে এতিয়াও ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য আহি পৰা নাই।